শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ৭০ সংখ্যক জন্মদিনত তেওঁৰ ঘনিষ্ঠ বন্ধু বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে এখন ট্ৰেক্টৰ উপহাৰ দিছে। লুকাচেংকোৱে কয় যে ট্ৰেক্টৰেৰে ঘেঁহুৰ খেতি কৰিব পাৰি। বেলাৰুছ আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক যথেষ্ট বন্ধুত্বপূৰ্ণ। আলেকজেণ্ডাৰ লুকাচেংকোৱে নিজেই ট্ৰেক্টৰখন ডেলিভাৰী কৰাটো নিশ্চিত কৰে। শেহতীয়াকৈ লুকাচেংকোৱে ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ ভ্ৰমণ কৰিছিল। তেওঁৰ ৰাছিয়া ভ্ৰমণ আছিল ক্ৰেমলিনৰ মুৰব্বী আৰু কমনৱেলথ অৱ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ (চিআইএছ)ৰ প্ৰাক্তন ছোভিয়েট নেতাসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰা। ৭ অক্টোবৰ শুকুৰবাৰে আছিল পুটিনৰ ৭০ সংখ্যক জন্মদিন।