জলবায়ু পৰিৱৰ্তিত পৰিৱেশত ধানখেতিৰ সম্ভাৱনীয়তা

তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত সপ্তাহজোৰা প্ৰশিক্ষণ 

0 54

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ জুলাই : জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী ২৭ জুনৰ পৰা ২ জুলাইলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জলবায়ু পৰিবৰ্তিত পৰিবেশত অসমত ধানখেতিৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য আৰু মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াও উপস্থিত থাকে । এচ ই আৰ বিৰ অৰ্থসাহাৰ্যৰে অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ পূৱ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ৩৯ গৰাকী নিৰ্বাচিত সহযোগী অধ্যাপক, গৱেষক তথা কণিষ্ঠ বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰে । আলোচনাত জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত হোৱা অসুবিধা আৰু জটিলতা সমুহ প্ৰশমিত কৰাৰ ওপৰত বিশেষভাবে আলোচনা কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি ,কৃষি জৈৱপ্ৰযুক্তি, কৃষিপ্ৰজনন আৰু বংশগতি তথা কৃষিবিজ্ঞানৰ জ্যেষ্ঠ অধ্যাপক বিজ্ঞানী সকলে শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত জলবায়ুৰ সৈতে খাপ খোৱা বীজৰ সৈতে কৃষি প্ৰযুক্তি আগবঢ়াই নিয়াৰ ওপৰত আলোচনা আগবঢ়াই । ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ দিল্লীস্থিত জ্যেষ্ঠ বিজ্ঞানী অক্ষয় তালুকদাৰে পৰিবৰ্তিত জলবায়ুত অসমৰ প্ৰেক্ষাপটত ধান খেতিৰ নতুন নতুন সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে । বীজ উদ্যোগ আৰু ধানৰ বজাৰৰ সম্ভাৱনীয়তা আৰু অৰ্থনৈতিক দিশত ভূমিকা সম্পৰ্কতো বিশেষভাবে আলোচনা কৰা হয় । প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক ,অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মা ,কৃষি জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী ড° এম কে মোডী আৰু তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়ায়ো অংশ গ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.