শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মে’ঃ জলসিঞ্চন বিভাগৰ অধীনত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ বাবে অনুমোদিত মুঠ ৬০লাখ টকাৰ ঠিকাৰ অধিকাংশই শোণিতপুৰৰ বাহিৰৰ ঠিকাদাৰক আবন্টন দিয়াৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ এই জলসিঞ্চন প্ৰকল্পটোৰ মেৰামতিৰ বাবে স্হানীয় যথেষ্ট সংখ্যক ঠিকাদাৰ আছিল আৰু তেওঁলোকে ইয়াৰ বাবে নিবিদা দাখিল কৰিলেও মাত্ৰ তিনিজন স্হানীয় ঠিকাদাৰক সামান্য পৰিমানৰ কাম আবন্টন দিয়াৰ বাহিৰে অধিকাংশ ঠিকাদাৰেই গুৱাহাটী আৰু নগাঁৱৰ বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,জলসিঞ্চন বিভাগৰ তেজপুৰ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ জৰিয়তে এই নিবিদা আহ্বান কৰা হৈছিল আৰু এই নিবিদাত বিশ্বনাথ, চতিয়া আৰু তেজপুৰৰ বহুসংখ্যক ঠিকাদাৰে অংশ লৈছিল৷ আনহাতে এই কাৰ্যালয়ত এক কমিছন সংগ্ৰহৰো অভিযোগ উঠাৰ লগতে কামৰ পৰিমানতকৈ অধিক ঠিকাদাৰৰ পৰা কমিছন সংগ্ৰহৰো অভিযোগ উঠিছে৷ ইয়াৰ বিপৰীতে মাত্ৰ তিনিজন স্হানীয় ঠিকাদাৰক সামান্য পৰিমাণৰ ধনৰ ঠিকা আবন্টন দিয়াৰ বাহিৰে আন সকলে ঠিকা লাভ নকৰিলে৷
