জাতিগত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ সাধাৰণ জাতি বিকাশ পৰিষদ

 মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

0 15
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে জাতিগত সংৰক্ষণৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আজি দিনৰ ১২ বজাত সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি প্ৰদীপ বৰুৱা, সম্পাদক সুশান্ত ভূঞা, ৰাজ্যিক মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পূৰ্ণিমা ৰাজখোৱা, লখিমপুৰ জিলা সমিতিৰ সভাপতি বিৰেণ বৰদলৈ, সাধাৰণ সম্পাদক হৰকান্ত ভূঞা আদিয়ে এই স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে৷ পৰিষদে জাতিগত সংৰক্ষণ ব্যৱস্থা উঠাই দিবলৈ দাবী জনায়৷
মন্তব্য দিয়ক

Your email address will not be published.