জামিন লাভৰ পাছতো বহুজন কাৰাবন্দী

তিনিচুকীয়াত সহায়ৰ হাত আগবঢ়াইছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৱে

0 188
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৯ আগষ্ট: অসমৰ কাৰাগাৰসমূহত এনে বহুলোক আছে যিসকলে গোচৰৰ বিপৰীতে জামিন লাভ কৰাৰ পাছতো আইনৰ কিছুমান নিয়ম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কাৰাগৰতে দিন অতিবাহিত কৰিব লগা হয়৷ জামিন লাভৰ অন্ততো কাৰাবন্দী হৈ থকা এনে লোক কি কাৰণত চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিব লগা হৈছে সেই বিষয়ে বিতং তথ্য সংগ্ৰহ কৰি তেনে লোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, অসম নামৰ সংস্থাটোৱে৷ সংস্থাৰ অধ্যক্ষৰ গৃহ জিলাৰ পৰাই আৰম্ভ কৰা হৈছে ন্যায় লাভত সহায় কৰাৰ এই পদক্ষেপ৷ তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আদালতৰ পৰা জামিনৰ নিৰ্দেশ পোৱাৰ পাছতো মুক্তি নিশ্চিত কৰাত অসুবিধাৰ সন্মুখীন হোৱা কয়দীসকলক সাহায্য প্ৰদান কৰি ইতিমধ্যে বহুকেইজন জামিন লাভ কৰা লোকক নিজৰ ঘৰলৈ যোৱাৰ পথ সুগম  কৰিছে সংস্থাটোৱে৷ সংস্থাৰ এই উদাৰ পদক্ষেপ ন্যায় নিশ্চিত কৰাৰ দিশত আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ সপোন পূৰণৰ দিশত এক প্ৰচেষ্টা বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ ৰাজ্যিক অধ্যক্ষ নিশান্ত থৰ্ডে৷ সংস্থাৰ ৰাজ্যিক সংবাদ বিষয়া মৃণ্ময় কুমাৰ নাথে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে ভাৰতীয় ন্যায়পালিকা ব্যৱস্থাই ’দোষী প্ৰমাণ নোহোৱালৈকে নিৰ্দোষী’ৰ মৌলিক নীতি অনুসৰণ কৰে৷ অপৰাধৰ অভিযোগত অভিযুক্ত ব্যক্তিসকলক বিচাৰ চলি থকাৰ সময়ত কাৰাবাসৰ পৰা মুক্তি নিশ্চিত কৰিবলৈ জামিনৰ ব্যৱস্থা প্ৰদান কৰা হয়৷ কিন্তু জামিন লাভ কৰিবৰ বাবে ধনৰ অভাৱ বা ভূমিৰ নথিপত্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাত বাধাৰ বাবে তেনে লোকেও কাৰাগাৰতে দিন পাৰ  কৰিবলগা হোৱাটো দুৰ্ভাগ্যজনক কথা৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ আৰু তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণে এই ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈ এনে অসহায় লোকক নিজ গৃহ তথা সমাজৰ মাজত জীৱন নিৰ্বাহ কৰাৰ সুযোগ প্ৰদান কৰিছে৷ সংস্থাৰ ৰাজ্যিক পৃষ্ঠপোষক তিলক সন্দিকৈয়েও এই প্ৰক্ৰিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰি বন্দীসকলৰ বাবে আশাৰ কিৰণ কঢ়িয়াই অনাত ব্ৰতী হৈ পৰিছে৷ সংস্থাটোৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণে ব্যক্তিগত গোচৰৰ মূল্যায়নৰ বাবে আইনী বিশেষজ্ঞ আৰু সমাজকৰ্মীক লৈ এটি কোষ গঠন কৰিছে৷ দলটোৱে জামিনৰ প্ৰয়োজনীয়তা পূৰণ নকৰাৰ আঁৰৰ কাৰণসমূহ  পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কয়দীসকলক উপযুক্ত আইনী পৰামৰ্শ আগবঢ়ায়৷
মন্তব্য দিয়ক

Your email address will not be published.