জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন

0 13
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট ২২ জুলাইঃ জামুগুৰিহাটৰ সমীপৱৰ্তী তথা চতিয়া সমষ্টিৰ অন্তৰ্গত চমাৰদলনীস্থিত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ নেতৃত্বত অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ “সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া” এই বানীক উদ্দেশ্য কৰি আজি দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মাই কয় যে – “গছ থাকিলেহে মানুহ থাকিব। গতিকে আজিৰ পৰাই সকলোৱে ঘৰত এজোপা গছপুলি ৰোপন কৰি যত্ন লৈ প্ৰতিপাল কৰাতো আমাৰ দ্বায়িত্ব।” আজি পঞ্চায়তৰ কাৰ্যালয়ৰ চাৰিও সীমাতে উন্নত প্ৰজাতিৰ গছ পুলি ৰোপণ কৰে দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মা, সম্পাদক ভূপেন দাস, ৩ নং ৱাৰ্ডৰ সদস্য চন্দন উপাধ্যায়ৰ লগতে প্ৰতিটো ৱাৰ্ডৰ সদস্য-সদস্যাসকলৰ লগতে অঞ্চলবাসী ৰাইজে ।
মন্তব্য দিয়ক

Your email address will not be published.