জামুগুৰিহাটৰ ৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ

0 20

জামুগুৰিহাট, ৯ নৱেম্বৰঃ কৃষ্টি-সংস্কৃতিৰ সাৰুৱা ভূমি তথা নামঘৰ নগৰী খ্যাত জামুগুৰিহাটত এতিয়া ৰাস মহোৎসৱত লোকাৰণ্য পৰিবেশ । চন্দ্ৰমাৰ পোহৰ ৰং বিৰঙৰ লাইটৰ সমাহাৰে সাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন ৰাস মহোৎসৱ । ঐতিহ্যমণ্ডিত বাসুদেৱ থানত ৬ আৰু ৭ নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত কালি অনুষ্ঠিত হ’ল শ্ৰী শ্ৰী নৰোৱা থানৰ ৰাস মহোৎসৱ । নৰোৱা থানৰ ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যপটিয়সী মেঘৰঞ্জনী মেধিয়ে কালি হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে । ৰাস মহোৎসৱস্থলিত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নৃত্য পটিয়সীগৰাকীয়ে নদীদ্বীপ মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ দিব লাগে বুলি মাজুলীৰ এগৰাকী সত্ৰাধিকাৰে কিছুদিন আগতে কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সন্দৰ্ভত নৃত্যপটিয়সী গৰাকীয়ে কয় – সকলো ঠাইৰে একো একোটা বৈশিষ্ট্য আছে । নদীদ্বীপ মাজুলী ৰাসৰ ঠাই । গতিকে মাজুলী মাজুলী হৈয়েই থাকক । দুৰ্গা পূজা বিভিন্ন স্থানত অনুষ্ঠিত হয় । তাতে হওঁক। ইফালে ৰাস মহোৎসৱৰ সময়ছোৱাত ৰাস মহোৎসৱস্থলীত গোপী নৃত্যৰ প্ৰদৰ্শনৰ নামত কোনেও যাতে অশ্লীলতা প্ৰদৰ্শন নকৰে তাৰ প্ৰতিও আহ্বান জনাই বিশিষ্ট নৃত্য পতিয়সী গৰাকীয়ে। উল্লেখ্য যে যোৱা বৰ্ষত একাংশ ৰাস মহোৎসৱত গোপীৰ নৃত্য প্ৰদৰ্শনৰ নামত একাংশই বিকৃত তথা অশ্লীল নৃত্য প্ৰদৰ্শনৰ কৰাক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

মন্তব্য দিয়ক

Your email address will not be published.