জালনোট নিবলৈ আহি নাটকীয়ভাৱে আৰক্ষীৰ জালত পৰিল সাংসদ তাপিৰ গাৱৰ ভাতৃ

0 14
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ গুৱাহাটীলৈ আহি নিখোজ হোৱা অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ অৱশেষত পানবজাৰৰ হোটেলত উদ্ধাৰ হ’ল যদিও পোহৰলৈ আহিল আন এক অধ্যায়। উল্লেখ যে গুৱাহাটীলৈ আহি নিৰুদ্দেশ হৈছিল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ তাহং গাও। নিৰুদ্দেশ হোৱা সন্দৰ্ভত শুকুৰবাৰে পৰিয়ালৰ লোকে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। পৰিয়ালৰ লোকে তাহং গাৱক অপহৰণ কৰা বুলি সন্দেহ কৰিছিল। কিন্তু ঘটনা আছিল অন্য। আচলতে ৫ লাখ টকাৰ বিনিময়ত নকল ১০ লাখ টকা নিবলৈ গুৱাহাটীলৈ আহিছিল সাংসদ ভাতৃ তাহং গাও। আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰা দুই অভিযুক্তৰ সৈতে আচল টকাৰ বিনিময়ত নকল টকা দিয়াৰ চুক্তি কৰিছিল তাহং গাৱে। সেই মৰ্মে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও। গুৱাহাটীৰ দিছপুৰত প্ৰথমে তাহং গাৱৰ সৈতে লগ হৈছিল ধৃত দুয়োজন লোক। পিছত দিছপুৰৰ পৰা নিজৰ কেবত ধৃত দুয়োজনে কোনো অজ্ঞাত স্থানলৈ লৈ গৈছিল তেওঁক। তাহং গাৱৰ লগত থকা ৫ লাখ টকা কাঢ়ি লৈ ভয়-ভাবুকিৰে পাণবজাৰ এলেকাত ধৃত দুয়োজনে নমাই দিছিল তাহং গাৱক। তাৰ পৰাই তাহং গাৱে পাইছিল পাণবজাৰৰ মিনাৰ্ভা হোটেল। জালনোটৰ বেপাৰৰ লগত জড়িত দুয়োজন লোক তেজপুৰ ঠেলামৰাৰ দিলীপ দাস আৰু লখিমপুৰ লালুকৰ মইনুল হক। দুয়ো আচল টকাৰ বিনিময়ত নকল টকা দিয়াৰ চুক্তি কৰিছিল তাহং গাৱৰ সৈতে। টকা নিবলৈ আহি প্ৰৱঞ্চনাৰ বলি হোৱা সাংসদ ভাতৃ এতিয়াৰ আৰক্ষীৰ জালত।
মন্তব্য দিয়ক

Your email address will not be published.