জিলা সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জুলাইঃশোণিতপুৰ জিলা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে চুচেন নাথে৷সভাত শিক্ষক আৰু ছাত্ৰীৰ শিক্ষাৰ সমস্যাৰ ওপৰত আলোচনা হয়।সভাত সম্পাদকদ্বয় অৱনী কুমাৰ বৰা আৰু তৰুণ  নাথে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ আহ্বান জনাই যে মন্ত্ৰী গৰাকীয়ে শিক্ষক সকলক সঘনাই  কটু বাক্য আৰু সমালোচনা কৰা বাদ দি বিদ্যালয় সমূহৰ আন্ত গাঁথনি আৰু ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন সমস্যা সমুহ দূৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুন্দৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিব লাগে৷ লগতে সম্পাদকদ্বয়ে  অতি সোনকালে প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি , প্ৰত্যেক জন ঠিকাভিত্তিক  শিক্ষকৰ চাকৰি বিনা চৰ্তত নিয়মীয়া কৰা আৰু ষষ্ঠ শ্ৰেণীৰ পৰা গণিত, বিজ্ঞান বিষয়ত  ইংৰাজী ভাষা প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত যি বেমেজালিৰ সৃষ্টি কৰিছে অতি সোনকালেই এই সমস্যা সমূহ দূৰ কৰিবলৈও মন্ত্ৰী গৰাকীৰ দাবী জনায়।তদুপৰি শিক্ষকৰ সমস্যা সমূহ অতি সোনকালে দূৰ নকৰিলে আন্দোলনৰ পথ বাছি লোৱা হব বুলিও সভাত সকীয়াই দিয়া হয়।

মন্তব্য দিয়ক

Your email address will not be published.