জি.এ.ই.এফ. আৰু শিল্পীসেৱাৰ উদ্যোগত “ৰঙালী উৎসৱ” উদযাপন

0 38

গুৱাহাটী, ৩ মে’ ২০২২ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, https://www.facebook.com/groups/440248043822192) উদ্যোগত আৰু শিল্পীসেৱা(www.shilpisewa.com)ৰ সহযোগত ১ মে’ ২০২২  তাৰিখে “ৰঙালী উৎসৱ” অনলাইন মাধ্যম  জুম আৰু ফেচবুক লাইভত উদযাপন কৰা হয়। জি.এ.ই.এফৰ আমেৰিকাৰ সাধাৰণ সম্পাদক আৰু শিল্পীসেৱাৰ প্ৰতিষ্ঠাপক অঞ্জনা বৰদলৈয়ে সকলোকে আদৰণি জনায় আৰু তেওঁ  নিজৰ সংস্কৃতি আৰু শিপা জীয়াই ৰখাটো কিমান গুৰুত্বপূৰ্ণ সেই কথা প্ৰকাশ কৰে ।  অনুষ্ঠানটো পৰিচালনা কৰে  তন্ময় ভাগৱতী আৰু  প্রাগ নিউজৰ নৱনিতা কলিতাই । ভাৰত দূতাবাসৰ অৰ্থনৈতিক মন্ত্ৰী  ড°  ৰবি কোতাই তেওঁৰ মতামত প্ৰকাশ কৰাৰ লগতে ৰঙালীৰ শুভেচ্ছা জনায়। কানাডাৰ নিৱাসী  শিৱানী পেটেলে দীঘলীয়া সময়ৰ বাবে শিপাৰ পৰা আঁতৰি থকাৰ পিছতো সুন্দৰ গীত পৰিৱেশন কৰে। তাৰ পিছত ৰমেন গগৈ আৰু তেওঁৰ সংগীসকলে লোক সংগীতৰ বাদ্যযন্ত্ৰৰ পৰিৱেশন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰে । সুৰেখা ডেকা বৈশ্যৰ কণ্ঠই অনুষ্ঠানটো অধিক  উপভোগ্য কৰে। মৌচুমী গগৈৰ  বিহু নৃত্যই দৰ্শকসকলক সমানে ৰোমাঞ্চিত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অশ্বিন হাজৰিকাই অনুষ্ঠানটোত গীত পৰিৱেশন কৰে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ পিছতো যে তেওঁৰ শিপাৰ সৈতে গভীৰভাৱে সম্পৰ্ক ৰাখিছে সেই কথা তেওঁ গীত পৰিৱেশনত প্রকাশ পায় । বৰ্ণালী কলিতাই উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁ ৰেকৰ্ড কৰি পঠোৱা গান অনুষ্ঠানটোত পৰিৱেশন কৰা হয়। এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল মুম্বাইস্থিত অসমৰ সুপৰিচিত শিল্পী নিলোৎপল বৰা । তেওঁ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জড়িত হ’লে শৃংখলাবদ্ধ হোৱাটো কিমান গুৰুত্বপূৰ্ণ  সেই কথা প্রকাশ কৰে । তেওঁ শংকৰ মহাদেৱনৰ শৃংখলাবদ্ধ জীৱনৰ উদাহৰণ দাঙি ধৰে। নিলোৎপল বৰাই ৪৫ মিনিটৰো অধিক সময় নিজৰ গীত আৰু কথাৰে দৰ্শকক মন্ত্রমুগ্ধ কৰিবলৈ সক্ষম হয়। জি.এ.ই.এফ.ৰ সভাপতি, আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ  নিবাসী পাৰ্থ গগৈৰ  শলাগৰ শৰাইৰে অনুষ্ঠানটো সামৰণি মৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.