জীৱন উদ্‌যাপনৰ মাজতে সুখ লুকাই থাকে

0 798

বিজয় বৰি

নিজৰ জীৱনটোক লৈ আপোনাৰ অনুভৱ কেনেকুৱা? আপোনাৰ জীৱনটোত উৎসাহ-উদ্দীপনা আছেনে? আপুনি বৰ্তমান যি কাম কৰি আছে সেই কাম কৰি সুখীনে? আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হোৱাৰ বাবে আপুনি কিবা কাম কৰি আছে নেকি? আপুনি বাৰু নিজৰ জীৱনটো আটাইতকৈ ভালদৰে উদ্‌যাপন কৰিব পাৰিছেনে? – এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনাৰ ওচৰত আছে নে? যদি নাই, তেন্তে আপুনি জীৱনটো সম্পূৰ্ণৰূপে উদ্‌যাপন কৰা বুলি ক’ব নোৱাৰি। সাধাৰণতে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। এনেকুৱা আচলতে হ’ব নালাগে। জীৱনটো আপোনাৰ, গতিকে জীৱনটোক ভালদৰে সজাই লোৱাৰ দায়িত্বও আপোনাৰ। আমি সকলোৱে এটা সুন্দৰ জীৱন পাইছোঁ। গতিকে ইয়াক উৎকৃষ্ট ৰূপত জীয়াবলৈ শিকিব লাগে। আহকচোন আমি কেনেদৰে জীৱনটো ভালদৰে উদ্‌যাপন কৰিব পৰা যায় তাৰ বিষয়ে আলোচনা কৰোঁ।
বিশিষ্ট কথা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’ নামৰ গ্ৰন্থখনিৰ সামৰণি¸ অংশত তেওঁ এটা কথা লিখিছে- ‘জীৱনৰ কিবা অৰ্থ থাকক বা নাথাকক, নমৰালৈকে মানুহ জীয়াই থাকিবই লাগিব। জীৱনটো অৰ্থহীন বুলি ভবা মানুহবোৰেও ভোকত আহাৰ বা পিয়াহত পানী নোখোৱাকৈ নাথাকে, থাকিব নোৱাৰে। ঠিক তেনেকৈ তেওঁলোকে হৃদয় বা আত্মাৰ আহাৰ নিবিচৰাকৈয়ো থাকিব নোৱাৰে। অন্ততঃ মই নোৱাৰোঁ। মই আজি কালি মৃত্যুৰ কথা নাভাবোঁ, জীৱনৰ অৰ্থৰ কথাও নাভাবোঁ, মই কেৱল ভাবোঁ জীয়াই থকা দিনকেইটাৰ প্ৰতিটো মুহূৰ্ত কেনেকৈ পাৰিলে আনন্দময় কৰি ৰখা যায়, নোৱাৰিলে তাক অন্ততঃ সহনীয় কৰি তোলা যায়। মই এইটো কৰিবলৈ চেষ্টা কৰোঁ জ্ঞান-বিজ্ঞানৰ কিতাপ পঢ়ি, লিখি, শব্দৰ লগত খেলা কৰি, স্বাস্থ্যৰ যত্ন লৈ, আনৰ মংগল চিন্তা কৰি, পাৰিলে আনৰ উপকাৰ কৰি, মানুহে প্ৰতিদিনেই নিজৰ বাসস্থান পৰিষ্কাৰ কৰাৰ দৰে মোৰ নিজৰ মনটোক হিংসা-দ্বেষ, ঘৃণা-ঈষা আৰু ভয়-উত্তেজনা প্ৰভৃতি আৱৰ্জনাৰ পৰা মুক্ত কৰি ৰাখিবলৈ প্ৰতিদিনে চেষ্টা কৰি। মহৎ সংগীতৰ মাধুৰ্য উপভোগ কৰিবলৈ যেনেকৈ গভীৰ মানসিক প্ৰশান্তি আৰু স্নিগ্ধ নীৰৱতাৰ প্ৰয়োজন, জীৱনটো উপভোগ কৰিবলৈকে ঠিক তেনেধৰণৰ প্ৰশান্তি আৰু নীৰৱতাৰ প্ৰয়োজন। জীৱনৰ প্ৰায় শেষ প্ৰান্তত উপনীত হৈ সেই প্ৰশান্তি মই পাইছোঁ বুলি অনুভৱ কৰিছোঁ। তাৰ লগত যোগ হৈছে মোৰ হৃদয়ৰ নীৰৱতা।’
ন-সুৰ্যৰ প্ৰভাতী কিৰণে যিদৰে এটা নতুন দিনৰ সূচনা কৰে, ঠিক সেইদৰেই আমিও আমাৰ জীৱনৰ প্ৰতিটো দিনক সম্পূৰ্ণ নতুন ৰূপত সজাবলৈ শিকিব লাগে। কালি যি হ’ল তাক আমি আৰু সলনি কৰিব নোৱাৰোঁ। ভৱিষ্যতে কি হ’ব তাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। গতিকে সেইবোৰ ভাবি ভাৰাক্ৰান্ত হৈ থকাৰ কোনো প্ৰয়োজনীয়তা থাকিব নালাগে। বৰ্তমান সময়খিনি আমাৰ আৰু সেই সময়খিনি আমি যোগাত্মক চিন্তাধাৰাৰে অতিবাহিত কৰিব লাগে। আমি কেতিয়াও নিজক ঠগিব নালাগে। বেলেগক সন্তুষ্ট কৰিবলৈ বা বেলেগে বিচৰা ধৰণে আপুনি জীৱন কিয় জীয়াব? কাৰোবাৰ প্ৰতিলিপি হৈ জীয়াই থকাতকৈ নিজৰ প্ৰকৃত পৰিচয়ৰ সৈতে জীয়াই থকাটো বেছি ভাল।
আপুনি যদি এটা সুন্দৰ জীৱন কামনা কৰে, তেন্তে প্ৰতিটো কথাতে আপত্তি বা অভিযোগ কৰাৰ মনোভাৱ ত্যাগ কৰক। আপোনাৰ সমস্যাবোৰ কেৱল আপোনাৰ। ইয়াৰ পৰা আপুনি নিজেই পৰিত্ৰাণ পাব লাগিব। গতিকে যোগাত্মক চিন্তাৰে সেই সমস্যাৰ সমাধানৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰক।
জীৱনক যোগাত্মক চিন্তাৰে অতিবাহিত কৰিব পৰা সম্পৰ্কে জয়ন্ত প্ৰীতমৰ লেখা এটা কিছুদিন আগতে ‘আমাৰ অসম’ত পঢ়িবলৈ পাইছিলোঁ — আপুনি প্ৰথমে নিজৰ বিষয়ে ভালদৰে বুজি লওক। অৰ্থাৎ আপুনি কোন আৰু আপোনাৰ ভিতৰত অন্তৰ্নিহিত প্ৰতিভাবোৰৰ বিষয়ে ভালদৰে বুজি লওক। আপুনি আপোনাৰ নিজস্ব সত্ত্বাক লৈ সচেতন হ’ব লাগিব। আপুনি আপোনাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক ভালদৰে জানিব লাগিব। আপুনি সেইটো জানিব লাগিব যে নিজৰ জীৱনৰ পৰা আপুনি কি বিচাৰে বা আপুনি এনেকুৱা কি কাম কৰিব যিবোৰ কৰিলে আপুনি সুখী হ’ব পাৰে। মৃত্যুৰ আগতে আপুনি জীৱনত কি কি কৰিব বিচাৰে তাৰ এখন তালিকা তৈয়াৰ কৰি ল’ব লাগিব। কিবা এটা কাম কৰিব লাগে বাবেই কৰিব নালাগে। সদায় কামটো কৰাৰ আগতে এবাৰ ভালদৰে পৰ্যালোচনা কৰি ল’ব। যদি কামটো কৰি আপুনি সুখী হ’ব নোৱাৰে, তেন্তে কৰিব নালাগে। যিবিলাক আপোনাৰ নাছিল সেইবোৰক লৈ মূৰ ঘমাই লাভ নাই। অলাগতিয়াল কিছুমান কথাত মূৰ সুমুৱাই থাকি জীৱনটো উপভোগ কৰাৰ পৰা বঞ্চিত নহ’ব। ইয়াৰ বিপৰীতে প্ৰতিদিনে এটা পৰহিতৈষী কাম কৰিবলৈ চেষ্টা কৰক। এনেকুৱা এটা কাম কৰক, যিটো কাম কৰাৰ বাবে কালিলৈৰ পৃথিৱীখন বেছি ধুনীয়া হ’ব।

[দুই]

জীৱন সম্পৰ্কে আলোচনাৰ প্ৰসংগতে এটি কাহিনী ক’ব বিচৰা হৈছে। এবাৰ ভাৰতৰ এজন প্ৰসিদ্ধ শিক্ষাবিদ তথা দাৰ্শনিকে কিবা এটা কামত মুম্বাইৰ পৰা দিল্লীলৈ বিমানেৰে গৈ আছিল। তেওঁৰ কাষতে বহা সহযাত্ৰীজন আছিল এজন তজবজীয়া সুদৰ্শন ইঞ্জিনীয়াৰ। তেওঁ গৈছে এটা বহুজাতিক কোম্পানীৰ চাকৰিৰ কাৰণে প্ৰথমবাৰৰ বাবে ইণ্টাৰভিউ দিবলৈ। দুয়োজন সহযাত্ৰীৰ মাজত চিনা-পৰিচয় হ’ল আৰু বন্ধুত্বও হ’ল। দুয়োজন উচ্চ শিক্ষিত ব্যক্তিয়ে নানান বিষয়ে পৰস্পৰৰ লগত মত বিনিময় কৰিবলৈ আৰম্ভ কৰিলে।
বয়সস্থ শিক্ষাবিদ মানুহজনে ডেকা উঞ্জিনীয়াৰ মানুহজনক সুধিলে –‘তোমাৰ ভৱিষ্যৎ পৰিকল্পনা কি? তোমাৰ নিচিনা এজন সপ্ৰতিভ, উচ্চ শিক্ষিত ডেকা মানুহৰ কাৰণে অসাধ্য একো নাই।’
ডেকা ইঞ্জিনীয়াৰজনে উত্তৰ দিলে —‘হয় ছাৰ, মই এজন উচ্চাকাংক্ষী যুৱক। মই বহুজাতিক কোম্পানীটোত এই চাকৰিটো পাব খোজোঁ আৰু এই সুযোগতে কেইবছৰমান বিদেশত কাম কৰিব খোজোঁ।’
‘তাৰ পিছত কি কৰিবা?’ — বয়সস্থ মানুহজনে পুনৰ সুধিলে।
ডেকাজনে উত্তৰ দিলে –‘মই যদি কেইবছৰমান আমেৰিকাত চাকৰি কৰি আমেৰিকান ডলাৰ উপাৰ্জন কৰিব পাৰোঁ, সেই ধনেৰে মই মুম্বাইত নিজৰ কাৰণে এটা ঘৰ কিনিব খোজোঁ।’
‘খুব ভাল কথা। কিন্তু তাৰ পিছত?’
ডেকাজনে উত্তৰ দিলে –‘মোৰ ত্ৰিশ বছৰ বয়সত বা তাৰ কিছু দিনৰ আগতে মই বিয়া কৰাব খোজোঁ। মোৰ সম্প্ৰদায়ৰ প্ৰবাসী ধনী ভাৰতীয়ৰ কাৰণে ছোৱালীৰ অভাৱ নাই। মই যিজনী ছোৱালীকেই বিয়া কৰাব খোজোঁ তেওঁকেই মই বিয়া কৰাব পাৰিম।’
‘বঢ়িয়া কথা! তাৰ পিছত?’
‘ইয়াৰ পিছত কথাটো আপুনি জানে ছাৰ। মই সন্তানৰ পিতৃ হ’ব খোজোঁ। মই মোৰ সন্তানক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়ুৱাবলৈ দৃঢ় প্ৰতিজ্ঞ। অৱশ্যে তেনে শিক্ষা নিশ্চয় অতি ব্যয়বহুল হ’ব। কিন্তু মই ধন ঘটিম আৰু মোৰ ল’ৰা-ছোৱালীক ভালৰো ভাল বিদেশী বিশ্ববিদ্যালয়ত পঢুৱামেই। সেইটোৱেই হ’ব ভৱিষ্যতৰ কাৰণে মোৰ বিনিয়োগ।’ ‘তাৰ পিছত?’
‘তাৰ পিছত আৰু কি? এটা মোটা পেঞ্চন লৈ চাকৰিৰ পৰা অৱসৰ ল’ম আৰু জীৱনটো উপভোগ কৰিম।’
‘তাৰ পিছত?’
ডেকা মানুহজনে চঁক খাই ক’লে — ‘ইয়াৰ পিছত আৰু কি থাকিব পাৰে? একো নাই।’
বয়সস্থ মানুহজনে চিন্তিত হৈ মনে মনে ভাবিলে — ‘এইটোৱেই মানুহৰ জীৱন নেকি? ধন ঘটিবা, বিয়া কৰাবা, সন্তান জন্ম দিবা, সিহঁতক ভাল শিক্ষা দিবা, … এইবোৰৰ বাহিৰে জীৱনত একো কাম নাই? মানুহৰ জীৱন মানে কি কেৱল ধন ঘটা, বিয়া কৰোৱা, সন্তান জন্ম দিয়া, সিহঁতক শিক্ষিত কৰা এইবোৰৰ মাজতে জীৱনটো আবদ্ধ? জীৱনৰ আন একো লক্ষ্য নাই? কৰ্তব্য নাই? জীৱন মানে কি কেৱল আহাৰ, মৈথুন, নিদ্ৰা?’ —– এই কাহিনীয়ে আপোনাক জীৱনটো উযাপন কৰাত নিশ্চয় সহায় কৰিব।

[তিনি]

খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ ৰোমান ৰাষ্ট্ৰনেতা আৰু দাৰ্শনিক চিচেৰোৱে এটা কথা কৈছিল — যিবোৰ মানুহে সুখী আৰু সৎ জীৱনৰ ৰহস্য নাজানে তেওঁলোকৰ কাৰণে জীৱনৰ প্ৰতিটো ঋতুৱেই কষ্টদায়ক।
আমাৰ জীৱনৰ চালিকা শক্তি কি?
সাধাৰণ দৃষ্টিত চাবলৈ গ’লে আমাৰ জীৱনৰ মূল চালিকা শক্তি বা ইন্ধনটো হ’ল খাদ্য। মূলতঃ আমি একো একোটা তাপ চালিত ইঞ্জিন। সেই ইঞ্জিনটোৰ কোনোবা এটা অংশ অকামিলা নোহোৱালৈকে সি ভালকৈ চলিব নে বেয়াকৈ চলিব, সেই কথা নিৰ্ভৰ কৰে ইন্ধনৰ গুণগত মান আৰু তাৰ পৰিমানৰ ওপৰত। এটা কথা লক্ষ্য কৰিলে দেখা যায় যে ধাৰ্মিক লোকসকলে অধাৰ্মিক লোকসকলতকৈ জীৱনটো বেছি ভালকৈ যাপন কৰা বুলি ভাবে, ঠিক তেনেকৈ অধাৰ্মিক লোকসকলেও ভাবে যে ধাৰ্মিক হোৱাতকৈ অধাৰ্মিক হ’লেহে জীৱনটো ভালকৈ উপভোগ কৰা যায়। এই দুয়োটাৰ ভিতৰত কোনটো বেছি ভাল অথবা দুয়োটাই ভাল নেকি, সেই বিষয়ে মোৰ নিজৰ কোনো ধাৰণা নাই। ব্যক্তিগতভাৱে মই দুখ-যন্ত্ৰণা পাহৰি থাকিবৰ কাৰণে ধৰ্ম বা মদ কোনো এটাতে নিমজ্জিত হৈ থকাৰ প্ৰয়োজন অনুভৱ কৰা নাই। আন এটা কথা আমাৰ প্ৰেৰণাৰ উৎসবোৰ কি? জীৱনৰ দৌৰটো আগতেই ঠিক কৰি থোৱা থাকে। প্ৰকৃতিয়ে মাত্ৰ এটা বাটেই সাজি থৈছে, আৰু যিকোনো মানুহেই সেই বাটেদি মাত্ৰ এবাৰহে যাব পাৰে।
জীৱনৰ বিভিন্ন বয়সৰ কাৰণে বিভিন্ন সামৰ্থ্য আগতেই ধাৰ্য কৰি থোৱা হয়। শৈশৱৰ দুৰ্বলতা, যৌৱনৰ প্ৰাণ-প্ৰাচুৰ্য, মধ্যবয়সৰ গাম্ভীৰ্য, বৃদ্ধ বয়সৰ পৰিণত অৱস্থা- এইবোৰৰ প্ৰত্যেকটোৱেই হ’ল প্ৰকৃতিৰ ফল, আৰু জীৱনৰ নিৰ্দিষ্ট ঋতুত সেই ফলবোৰ ভোগ কৰিব লাগিব। প্ৰত্যেকটো ফলৰেই নিজস্ব স্বাদ আছে। আৰু সেই বিশেষ স্বাদটো উপভোগ কৰা উচিত।
আমি বাৰ্ধক্যৰ বিৰুদ্ধে সাহসেৰে থিয় দিব লাগিব। আৰু বাৰ্ধক্যৰ দুৰ্বলতাবোৰ জয় কৰিব লাগিব অবিৰাম কৰ্মব্যস্ততাৰে। আমি যেনেকৈ ৰোগৰ বিৰুদ্ধে যুঁজ কৰোঁ, ঠিক তেনেকৈ আমি যুঁজ কৰিব লাগিব বাৰ্ধক্যৰ বিৰুদ্ধে। স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব; পৰিমিতভাৱে ব্যায়াম কৰিব লাগিব: মদ আৰু মাংস ইমান পৰিমাণেহে খাব লাগিব যাতে সি আমাৰ শক্তিৰ ক্ষয় নকৰি তাক বৃদ্ধি কৰে। কিন্তু কেৱল শৰীৰটো সবল কৰিলেই নহ’ব; বেছিকৈ সবল কৰিব লাগিব আমাৰ চিত্ত আৰু আত্মাক। চাকিত তেল দি নাথাকিলে শলিতা যেনেকৈ নুমায় যায়, ঠিক তেনেকৈ চিত্ত আৰু আত্মাক শক্তি যোগান দি নাথাকিলে বাৰ্ধক্যই তাক গ্ৰাস কৰি পেলায়। ব্যায়ামেহে আমাৰ মনটোকো সবল কৰি ৰাখিব পাৰে। মই বিচাৰোঁ যে প্ৰত্যেকজন ডেকা মানুহৰ মাজত এজন বুঢ়া মানুহ থাকক, আৰু প্ৰত্যেকজন বুঢ়া মানুহৰ মাজতো কিছু তাৰুণ্য থাকক। যিসকলে এই নিয়ম মানি চলে, তেওঁলোকৰ শৰীৰটো বুঢ়া হ’লেও মনটো কেতিয়াও বুঢ়া নহ’ব। … বুদ্ধিমত্তা, চিন্তাশক্তি আৰু বিচাৰশক্তি- এইবোৰ গুণ বৃদ্ধি হয় বুঢ়া মানুহৰ মাজত। পৰিণত বয়সে মানুহৰ পৰা ইমান শ্ৰদ্ধা আদায় কৰিব পাৰে যে তাৰ তুলনাত যৌৱনৰ ভোগ-বিলাস নিষ্প্ৰভ।
জীৱনৰ সৈতে মৃত্যুৰ আছে এৰাব নোৱৰা সম্পৰ্ক। ইটো সিটোৰ পৰিপুৰক। এই সন্দৰ্ভত বিশিষ্ট দাৰ্শনিক ৰবাৰ্ট ইংগাৰছলছে কৈছে — বন্ধুসকল, শব্দৰ সোণালী আৱৰণেৰে মৃত্যুৰ শোকক ঢাকিবলৈ কৰা চেষ্টা বৃথা বুলি মই জানো। এই পৃথিৱীত জীৱন আৰু মৃত্যু দুয়োটাই সমানেই পৰাক্ৰমী ৰজা। ইতিমধ্যে যিসকলৰ মৃত্যু হ’ল তেওঁলোকৰ দৰে আমি সকলোৱেই সাহসেৰে মৃত্যুৰ মুখামুখি হ’ব পৰা উচিত। হৃদয়হীন অতীতে ভৱিষ্যতটোক ভয়ৰ দ্বাৰা কলুষিত আৰু কলংকিত কৰি ৰাখিছে। বিস্ময়কৰ জীৱন বৃক্ষৰ পৰা পকাফল সৰি পৰাৰ দৰে ফুলৰ কলি আৰু ফুলো সৰি পৰে। ধৰণীৰ একেখন শষ্যাতে ককা আৰু নাতি একেলগে শুই থাকে। যিটো মৃত্যু সকলোৰে কাৰণে আহিবই আমি ভয় কৰিব লাগে কিয়? জীৱন আৰু মৃত্যুৰ ভিতৰত কোনটো বেছি ডাঙৰ আশীৰ্বাদ সেই কথা আমি নাজানো, আমি ক’ব নোৱাৰোঁ। মৃত্যু বেয়া বুলিও আমি ক’ব নোৱাৰোঁ। সমাধিয়েই জীৱনৰ শেষ, নে আন এটা জীৱনৰ দুৱাৰ, নে ইয়াত ৰাতি হৈছে যদি আন কোনোবা এঠাইত ৰাতিপুৱা হৈছে- আমি কোনো কথাই নাজানো।
প্ৰত্যেকটো দোলনাই প্ৰশ্ন কৰে- ‘ক’ৰ পৰা?’ আৰু প্ৰত্যেকটো কফিনে প্ৰশ্ন কৰে- ‘ক’লৈ?’ এজন মহাজ্ঞানী পুৰোহিতে এই প্ৰশ্নৰ যিটো উত্তৰ দিব, সদ্যোমৃত আত্মীয় এজনৰ কাৰণে বুকু ঢকিয়াই কান্দি থকা এজন আদিম অসভ্য মানুহেও সেই একেটা উত্তৰকে দিব। এজনৰ বেদনাদায়ক অজ্ঞতাই মানুহক যিমান সান্ত্বনা দিব, আনজন জ্ঞানী মানুহৰ জ্ঞানগৰ্ভ কথায়ো ঠিক সিমানেইহে সান্ত্বনা দিব। জীৱনৰ দিগন্তই য’ত মৃতকৰ সমাধিক স্পৰ্শ কৰিছে তাত থিয় হৈ কোনো মানুহেই এটা অশ্ৰুপূৰ্ণ আৰু যন্ত্ৰণাপূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব নোৱাৰে। এইটো হ’ব পাৰে যে জীৱনৰ যিমানখিনি মূল্য সেই গোটোইখিনিয়েই কেৱল মৃত্যুৰ দান। যিবোৰ মানুহক আমি দুহাতেৰে আলিংগন কৰোঁ তেওঁলোক যদি কেতিয়াও নমৰে, তেন্তে হয়তো প্ৰেম এই পৃথিৱীৰ পৰা মৰহি নোহোৱা হৈ যাব। সকলো মানুহৰ সেই উমৈহতীয়া ভাগ্যই হয়তো আমাৰ সকলোৰে হৃদয়ৰ পৰা স্বাৰ্থপৰতা আৰু ঘৃণাক দূৰ কৰি ৰাখে। প্ৰেমহীন অনন্ত জীৱনতকৈ মই মৃত্যুৰ ৰাজত্বত জীয়াই থাকিবলৈ আৰু ভাল পাবলৈ বেছি ভাল পাম। আমি এই জীৱনত যিবোৰ মানুহক চিনি পাইছিলোঁ আৰু ভাল পাইছিলোঁ তেওঁলোক যদি মৃত্যুৰ পিছত আমাৰ অচিনাকি হৈ যায়, তেন্তে মৃত্যুৰ পিছত এটা বেলেগ জীৱন থাকিলেও আমাৰ একো লাভ নহ’ব। এই অকণমানি সমাধিটোৰ চাৰিওফালে এই মুহূৰ্তত যিসকল শোকাৰ্ত মানুহ থিয় হৈ আছে, তেওঁলোকৰ ভয় কৰিবৰ কোনো কাৰণ নাই। আমাৰ মহৎ বিশ্বাসে আমাক এই কথাই কয় যে মৃত্যুয়েই হ’ল পৰম বিশ্ৰাম। আমি এই কথা জানো যে আমি জীৱন-যাপনৰ কাৰণে প্ৰহৰে প্ৰহৰে বিভিন্ন কাম কৰি থাকোঁতেই আমাৰ কাৰণে প্ৰিয়জনক হেৰুৱাৰ বেদনা ক্ৰমান্বয়ে হ্ৰাস হৈ গৈ থাকে, আৰু এসময়ত তেওঁলোক সকলোৰে কাৰণে এই সমাধিটোৱেই হৈ পৰিব শান্তি আৰু বিশ্ৰামৰ ঠাই, লগতে বোধ হয় আনন্দৰো ঠাই। প্ৰিয়জনৰ মৃত্যুত কাতৰ হোৱা সকলো মানুহেই এই কথা ভাবি সান্ত্বনা লাভ কৰিব পাৰে যে মৃতকে আৰু কেতিয়াও যন্ত্ৰণা ভোগ কৰিব লগা নহ’ব। মৃত্যুৰ পিছতো তেওঁলোকে যদি আন এটা জীৱন পায়, সেই জীৱনটো নিশ্চয় আমাৰ জীৱনৰ সমানেই ভাল হ’ব। আমাৰ কোনো ভয় নাই। আমি সকলো একেগৰাকী মাতৃৰে সন্তান আৰু আমাৰ সকলোৰে কাৰণে অপেক্ষা কৰি আছে একোটা ভাগ্য।
মহামুনি চানক্যই মানুহক জীৱন ধাৰণত সহায়ক হোৱাকৈ পোন্ধৰটা বচন আগবঢ়াইছে।

১] আনৰ ভুলৰ পৰা শিকা জ্ঞান নিজৰ ওপৰত প্ৰয়োগ কৰি শিকালৈ তোমাৰ আয়ুস শেষ হৈ যাব।
২] কোনো ব্যক্তিয়ে সম্পূৰ্ণ চিধা-চাধা হ’ব নালাগে, কিয়নো চিধা বৃক্ষ আৰু চিধা ব্যক্তি প্ৰথমে কটা যায়।
৩] যদি কোনো সাপ বিষাক্ত নহয় তেনেহ’লে সি নিজকে বিষাক্ত দেখাব লাগে। যদিওবা দংশন কৰিব নোৱাৰে সি যেন দংশন কৰিব পাৰে তেনেদৰে আনক দেখাব লাগে।
৪] সকলো বন্ধুত্বত এটা স্বাৰ্থ লুকাই থাকে, এইটো হৈছে এটা কঠোৰ সত্য।
৫] কোনো কাম কৰাৰ আগতে নিজক তিনিটা প্ৰশ্ন সুধিব লাগে — মই এইটো কিয় কৰিব গৈছোঁ, ইয়াৰ পৰিনাম কি হ’ব, মই সফল হ’ম নে?
৬] ভয়ক ওচৰলৈ আহিব দিয়া আৰু ওচৰ আহি পালেই ইয়াক আক্ৰমণ কৰা। তাৰ মানে ভয়ৰ পৰা নপলাবা ইয়াৰ সৈতে যুঁজ কৰা।
৭] পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু দুটা হৈছে — পুৰুষৰ বিবেক আৰু নাৰীৰ সুন্দৰতা।
৮] হাতত লোৱা কাম সম্পাদন কৰা, পৰিণামলৈ ভয় নকৰিবা।
৯] সুগন্ধি সেই ফালেহে যায় যি ফালে বতাহ বলে, কিন্তু ভাল কামৰ সুগন্ধি চাৰিও ফালে বিয়পি যায়।
১০] ঈশ্বৰ চিত্ৰত নহয়, চৰিত্ৰত থাকে। নিজৰ আত্মাৰ মন্দিৰ বনোৱা।
১১] ব্যক্তি নিজৰ আচৰণৰ দ্বাৰা মহান হয়, জন্মৰ দ্বাৰা নহয়।
১২] সেই সকল ব্যক্তি যি তোমাৰ স্তৰতকৈ ওপৰৰ বা তলৰ তেনে লোকৰ লগত বন্ধুত্ব নকৰিবা, তুমি কষ্ট পাবা। বন্ধুত্ব কেৱল নিজৰ স্তৰৰ ব্যক্তিৰ লগতহে কৰিব লাগে।
১৩] নিজৰ সন্তানক পাঁচ বছৰলৈকে খুব মৰম কৰা, পাঁচৰ পৰা পোন্ধৰ বছৰলৈকে কঠোৰ অনুশাসন আৰু সংষ্কাৰ দিব লাগে; আৰু তাৰ পাছত তেওঁলোকৰ লগত বন্ধুত্বৰ দৰে ব্যৱহাৰ কৰিব লাগে। তোমাৰ সন্তানেও তোমাৰ ভাল বন্ধু হ’ব পাৰে।
১৪] অজ্ঞানীৰ বাবে কিতাপ আৰু অন্ধ মানুহৰ বাবে দাপোণ, একে কামৰ বাবে উপযোগী।
১৫] শিক্ষা সকলোতকৈ ভাল বন্ধু। শিক্ষিত ব্যক্তিয়ে সকলোতে সন্মান পায়। শিক্ষাৰ শক্তিৰ আগত যুৱশক্তি আৰু সৌন্দৰ্য শক্তি ম্লান পায়।

লেখকৰ ফোনঃ ৯৬১৩৬৮৮৮৫৬

মন্তব্য দিয়ক

Your email address will not be published.