জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্বপূৰ্ণ বিষয়েৰে দৰংমহাবিদ্যালয়ত দুদিনীয়াকৈ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা 

0 24
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬ এপ্ৰিলঃ উত্তৰ-পূৱ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ যোগ্যতা উত্তৰণ  আৰু অগ্ৰিম বৃত্তিগত অধ্যাপকসকলৰ উন্নয়নৰ ওপৰত  UN-SDGs ৰ সহযোগত দৰং মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ  অনুষ্ঠিত হৈছে অতি গুৰুত্বপূৰ্ণ এখন
আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা।দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু ভূগোল বিজ্ঞান বিভাগৰ সামূহিক প্ৰচেষ্টাত তথা দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ যৌথ  সহযোগত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাখনিত সমল ব্যক্তি হিচাবে উপস্থিত থাকে মালয়েচিয়া নিবাসী, থাইলেণ্ডৰ বেংককৰ মাহিডল বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা এছিয়ান প্ৰাইমেট পত্ৰিকাৰ মূখ্য-সম্পাদক ড০ ৰমেশ জিম্বো বুনৰতনা। কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় শিক্ষাবিদ গৰাকীয়ে উল্লেখ কৰে যে উত্তৰ-পূৱ ভাৰত হৈছে জৈৱ- বৈচিত্ৰৰ প্ৰাণকেন্দ্ৰ। এই উত্তৰ-পূৱ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ লগতে মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেৰে তেখেতে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু অধ্যাপক -অধ্যাপিকাসকলৰ বাবে কৰ্মশালা আয়োজন কৰি আহিছে। কৰ্মশালাখনৰ উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অন্তৱৰ্তীকালীন সভাপতি ড০ খৰ্গেশ্বৰ বৰকাকতি। উদ্ধোধনী অনুষ্ঠান নিয়াৰিকৈ পৰিচালনা কৰে দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ (IQAC) সমন্বয়ক ড০ স্বপ্নালী কাকতিয়ে। কৰ্মশালাখনত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ উপৰিও বহুকেইগৰাকী গৱেষকে অংশগ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.