জোনমণি আৰু বাবুললৈ তেজপুৰত শ্ৰদ্ধাঞ্জলিঃ ন্যায়ৰ দাবী

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ এক ৰহস্যজনক দুৰ্ঘটনাত নিহত হোৱা আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভা আৰু বহিৰাজ্যত হত্যাৰ বলি হোৱা বাবুল বৰুৱাৰ প্ৰতি আজি তেজপুৰৰ মিছন চাৰিআলিত শ্ৰদ্ধাঞ্জলি জনাই তেজপুৰৰ বহুসংখ্যক লোকে৷ বিভিন্ন ক্ষেত্ৰৰে জড়িত এইসকল লোকে দুয়োগৰাকী নিহতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি এই দুয়োটা শোকাবহ ঘটনাৰ সঠিক তদন্ত তথা নিহত আৰু তেওঁলোকৰ আত্মীয়ই ন্যায় লাভৰ আশা ব্যক্ত কৰে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা লোকসকলে দেশ তথা ৰাজ্যত অশুভ শক্তিৰ বিৰুদ্ধে শক্তিশালী ন্যায়িক প্ৰতিৰোধৰে এনে অশুভ শক্তি সমূহ নিপাত যোৱাটো আৱশ্যক বুলি প্ৰকাশ কৰি এই উদ্বেগজনক ঘটনা সমূহৰ বলি হোৱাসকলক ন্যায় প্ৰদান কৰিব লাগে বুলিও কয়৷

মন্তব্য দিয়ক

Your email address will not be published.