শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুলাইঃ ভাৰতীয় সেনাৰ এক অভিযানত ১ জুলাইত কাকপথাৰত নিহত হোৱা আলফা স্বাধীনৰ দ্বিতীয় লেফটেনেণ্ট (মৰণোত্তৰ) জ্ঞান অসম ওৰফে সন্তোষ গগৈক “অমৰ মৃতক”ঘোষণা কৰা হৈছে। আলফা স্বাধীনৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসমে “শতাব্দ”লৈ এক ই মেইল বাৰ্তাযোগে এই কথা জনাইছে।