জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰাৰ সাহস কেনেকৈ হ’ল অভিজিৎ ভট্টাচাৰ্য্যৰঃ ঠংচি

এতিয়াও অসম সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰা নাই "শৱ কটা মানুহ" ৰ স্ৰষ্টা গৰাকীয়ে

0 209

অসম – অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা

অৰুণাচলত প্ৰকৃতিগত ভাবেই নদী বান্ধৰ বাবে সুৰক্ষিত নহয় – মই সদায় নদী বান্ধৰ বিৰোধিতা কৰি আহিছোঁ – য়েছে দৰজে ঠংচি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ অক্টোবৰ : অসম-অৰুণাচল প্ৰদেশৰ মাজত সমন্বয়ৰ সেঁতু গঢ়োতা, প্ৰসিদ্ধ সাহিত্যিক, “শৱ কটা মানুহ”ৰ স্ৰষ্টা য়েছে দৰজে ঠংছিয়েও আজি তেজপুৰত ৰূপকোঁৱৰৰ অমৰ সৃষ্টি “লভিতা” আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত প্ৰদৰ্শন কৰা গৰ্হিত কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে অসম – অৰুণাচলৰ সীমা – সমস্যা, নদী বান্ধৰ ওপৰত মন্তব্যৰ উপৰি তেজপুৰৰ পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। উল্লেখ্য যে, মঙলদৈ গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি আহি তেজপুৰৰ অৰুণাচল প্ৰদেশৰ অতিথিশালাত নিশা কটোৱা অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ সাধক, পদ্মশ্ৰী আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী য়েছে দৰজে ঠংচিয়ে তেজপুৰৰ সাংবাদিকৰ আগত এন চি চিৰ পঞ্চম অসম বেটেলিয়ানৰ হৈ তেজপুৰক ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিনিধিত্ব কৰা সময়ৰ স্মৃতি সদৰী কৰি তেতিয়াই তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰদান কৰা ভাষণত কেনেদৰে অভিভূত হৈ পৰিছিল সেই সন্দৰ্ভত বহু পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। উল্লেখ্য যে, ১৯৫২ চনৰ ১৩ জুনত অৰুণাচলৰ কামেঙৰ জীগাঁৱত জন্ম গ্ৰহণ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত দক্ষ বিষয়া তথা “শৱ কটা মানুহ” ৰ লগতে “চনম”, “লিংঝিক”, “মৌন ওঁঠ মুখৰ হৃদয়”, “বিষ কন্যাৰ দেশত”, “মিছিং”, “মই আকৌ জনম লম”, “জন অৰণ্যত অকলশৰীয়া এজনী জনজাতি তিৰোতা”, “ঢোলৰ ছেৱত লামছিবা” শীৰ্ষক উপন্যাসৰ লগতে বহুকেইখন গল্প সংকলন, সাধু পুথি, ভ্ৰমণ কাহিনী, আত্মকথামূলক গ্ৰন্থ, জীৱনী সাহিত্য, অনুবাদ সাহিত্য আৰু নাটককে ধৰি অন্যান্য বহু মূল্যৱান গ্ৰন্থৰ স্ৰষ্টা গৰাকীক অসমৰ বৌদ্ধিক সমাজে অসম সাহিত্য সভাৰ সভাপতি হিচাপে বিচাৰি জনোৱা আহ্বানৰ পিছত অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমতো অসম সাহিত্য সভাৰ সভাপতি বিষয়টিয়ে যোগাত্মক চৰ্চা লাভ কৰাৰ পিছত শেহতীয়াকৈ অসম সাহিত্য সভাই ঘোষণা কৰা সভাপতি পদৰ প্ৰাৰ্থীৰ তালিকাত নিজৰ নামটো অন্তৰ্ভুক্ত হোৱাৰ পিছত প্ৰসিদ্ধ সাহিত্যিক গৰাকীৰ অনুভৱ জানিব বিচৰাত অসমৰ বৌদ্ধিক সমাজে তেওঁক সভাপতি হিচাপে পাবলৈ আশা কৰা বাবে সেই সমাজখনৰ লগতে সংবাদ মহলক কৃতজ্ঞতা জ্ঞাপন কৰি এতিয়াও সভাপতিৰ এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে নাই সেই সিদ্ধান্ত চূড়ান্ত কৰা নাই বুলি কৈ যদি প্ৰতিদ্বন্দিতা কৰিব লাগে তেতিয়া অসম সাহিত্য সভাৰ সংবিধান অনুসৰিয়েই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰে। উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনৰ সচেতন মহলে ৰূপকোঁৱৰৰ কালজয়ী সৃষ্টি “লভিতা” বিকৃতকৰণ কৰা সন্দৰ্ভত কৰা প্ৰতিবাদক পূৰ্ণ সমৰ্থন জনাই প্ৰসিদ্ধ সাহিত্যিক ঠংচিয়ে ক্ষোভেৰে কয় -হলিউদে ৰিমেক বা কাহিনী চুৰি কৰি নৰূপ দিয়া পদ্ধতি সৃষ্টি কৰিছিল আৰু তাৰ প্ৰভাৱ ভাৰতৰ পেছাদাৰী নাট্যদল বা চিনেমাত পৰিছে৷ এওলোকৰ নিজস্ব একো নাই৷ চুৰি কৰি নিজৰ নামত কৰি মাত্ৰ জনপ্ৰিয়তা লৈছে৷ ৰাইজে নখ জোকাৰিলে নৈ বয়। অভিজিত ভট্টাচাৰ্যই ৰাইজৰ মতামতক সন্মান জনোৱা নাই আৰু কিয় এই ধৃষ্টতা বুজি পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে। কিন্তু ৰাইজেই ইয়াৰ উত্তৰ দিব অচিৰেই ৷জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক “লভিতা” ক বিকৃত কৰাৰ সাহস কেনেকৈ কৰিলে? ইফালে অসম অৰুণাচলৰ সীমা সমস্যাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা সাপেক্ষে এক সিদ্ধান্তত উপনীত হৈছে আৰু সীমা বিবাদ ইতিমধ্যে নিষ্পত্তি হোৱা বুলি উল্লেখ কৰি ঠংছিয়ে কয়, অৱশ্যে কাজেকাছাং জিলাৰ সৈতে যি ভূমি বিবাদ সেয়া কেন্দ্ৰীয় চৰকাৰৰ তত্বাবধানত মীমাংসা শীঘ্ৰেই হ’ব বুলি তেওঁ আশাবাদী। সীমা বিবাদৰ ক্ষেত্ৰত চৰকাৰৰ শেহতীয়া তৎপৰতাক প্ৰশংসা কৰি শোণিতপুৰৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পদক্ষেপকো বিশেষ ভাবে শলাগ লয় জনপ্ৰিয় সাহিত্যিকগৰাকীয়ে। আনহাতে নদী বান্ধৰ ক্ষেত্ৰত সদায় বিৰোধিতা কৰি অহা সাহিত্যিক গৰাকীয়ে গেৰুকামুখত নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্প চৰকাৰৰ এক ভুল সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁ নদীবান্ধ বিৰোধী ব্যক্তি বুলিও নিজকে কয়৷ কিছুদিন পূৰ্বে গেৰুকামুখৰ পৰিবেশ প্ৰত্যক্ষ কৰা প্ৰথিতযশা সাহিত্যিক গৰাকীয়ে লগতে কয়, ভাৰতৰ বহু ডাঙৰ বান্ধ তেওঁ প্ৰত্যক্ষ কৰিছে৷যিসমূহ ঠাইত নদী বান্ধৰ প্ৰকল্প গঢ়ি তোলা হৈছে সেই অঞ্চল সমূহ প্ৰকৃতিগত ভাবেই অনুপযোগী বুলি পূৰ্বে মন্তব্য কৰিছিল বুলি কৈ সেই কথা শেহতীয়াকৈ এই প্ৰকল্পলৈ অহা প্ৰাকৃতিক দুৰ্যোগেই প্ৰতিপন্ন কৰিছে বুলি কৈ শেহতীয়াকৈ পকী বেৰ খহি পৰাৰ প্ৰসংগ সদৰী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.