শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : সম্প্ৰতি নেদাৰলেণ্ডছত চলি থকা De Herry Schulting Gamesৰ ছোৱালীৰ ১০০ মিটাৰ হাৰ্ডলছত ভাৰতৰ জ্যোতি য়াৰ্জিয়ে ভংগ কৰিছে ৰাষ্ট্ৰীয় অভিলেখ। ১৩.৪ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি তেওঁ নতুন অভিলেখ গঢ়িছে। মাত্ৰ ১৬ দিনৰ ব্যৱধানত জ্যোতি য়াৰ্জিয়ে ১০০ মিটাৰ হাৰ্ডলছত তিনিবাৰকৈ ভাঙিছে-গঢ়িছে ৰাষ্ট্ৰীয় ৰেকৰ্ড। ১৩.২৩ ছেকেণ্ডত ১০০ মিটাৰ হাৰ্ডলছ অতিক্ৰমি প্ৰথমটো অভিলেখ গঢ়া জ্যোতিয়ে এতিয়া এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লৈছে ১৩.৪ ছেকেণ্ড। যোৱা সপ্তাহত Loughborough International Athletics Meetত জ্যোতিয়ে সময় লৈছিল ১৩.১২ ছেকেণ্ড। ইয়াৰ পূৰ্বে চলিত মাহতে চাইপ্ৰাছ আন্তৰ্জাতিক এথলেটিক্স মীটত জ্যোতিয়ে লৈছিল ১৩.২৩ ছেকেণ্ড আৰু প্ৰতিযোগিতাত প্ৰথম হৈছিল। এই সময়েৰে জ্যোতিয়ে ভাঙিছিল ২০ বছৰ পূৰ্বে উৰিষ্যাৰ অনুৰাধা বিছৱালে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় ৰেকৰ্ড।