টকাৰ কোনো মূল্য নাই! জিম্বাৱেত প্ৰৱৰ্তন হৈছে সোণৰ মুদ্ৰা

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই : প্ৰাচীন কালত দৈনিক লেনদেন সোণৰ মুদ্ৰাত হৈছিল। কিন্তু একবিংশ শতিকাত পুৰণি কালৰ পথ ল’ব বিচাৰিছে জিম্বাৱেই। সোণৰ মুদ্ৰাক এইবাৰ স্থানীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি সদৰী কৰিছে দেশখনৰ কেন্দ্ৰীয় বেংকে। শেহতীয়াকৈ জিম্বাৱেত অভিলেখ সৃষ্টি কৰা মুদ্ৰাস্ফীতি হৈছে। বাতৰিত কোৱা হৈছে যে, সোণৰ মুদ্ৰাৰ প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে। ৪ জুলাইত দেশখনৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ জন মাংগুডিয়াই এক বিবৃতিত কয় যে, অহা ২৫ জুলাইৰ পৰা এই মুদ্ৰা বিক্ৰীৰ বাবে উপলব্ধ হ’ব। স্থানীয় মুদ্ৰা, মাৰ্কিন ডলাৰ আৰু অন্যান্য বিদেশী মুদ্ৰাৰ দৰে এই সোণৰ মুদ্ৰাসমূহ আন্তঃৰাষ্ট্ৰীয় মূল্যত আৰু খৰচৰ ভিত্তিত বিক্ৰী কৰা হ’ব। ভিক্টোৰিয়া জলপ্ৰপাতৰ নামেৰে এই মুদ্ৰাটোৰ নাম ৰখা হ’ব ‘মোছি-ও-টুনিয়া’। ইয়াৰ জৰিয়তে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ো কৰিব পৰা যাব। এই সোণৰ মুদ্ৰাত থাকিব এক ট্ৰয় আউন্স সোণ। ইয়াক বিক্ৰী কৰিব ফিডেলিটি গোল্ড ৰিফাইনেৰী, অৰেক্স আৰু স্থানীয় বেংকে। দক্ষিণ আফ্ৰিকাৰ এই দেশখনত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিয়ে জনজীৱনত প্ৰভাৱ পেলাইছে। ইয়াৰ পূৰ্বে প্ৰবীণ নেতা ৰবাৰ্ট মুগাবেৰ প্ৰায় চাৰিটা দশকৰ শাসনকালত এনে হোৱা দেখা গৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.