শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় ৰে’লত এতিয়াৰে পৰা যাত্ৰা কৰিলে লগত এসোপা মান বয়-বস্তু লগত কঢ়িয়াই নিনিব। নিৰ্ধাৰিত হিচাপতকৈ অধিক ওজনৰ সা-সামগ্ৰী কঢ়িয়াই নিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লগা হ’ব পাৰে। বিমান যাত্ৰাত ইতিমধ্যে নিৰ্দিষ্ট পৰিমাণৰ ওজনৰ সামগ্ৰীহে বিনামূলীয়াকৈ নিয়াৰ বন্দোবস্ত আছে। নিৰ্ধাৰিত পৰিমাণতকৈ অধিক হ’লে ইয়াৰ বাবে অতিৰিক্ত মূল্য আদায় দিবলগীয়া হয়। তেনেদৰে ভাৰতীয় ৰে’লতো এই নিয়ম প্ৰযোজ্য আছে যদিও যাত্ৰী আৰু কৰ্তৃপক্ষ উভয়ৰে অমনোযোগিতাৰ বাবে আন যাত্ৰীসকল অনাহকতে হাৰাশাস্তি হ’বলগীয়া হয়। কিন্তু শেহতীয়াকৈ ভাৰতীয় ৰে’ল কৰ্তৃপক্ষই ৰে’ল যাত্ৰীসকলক যাত্ৰাৰ সময়ত যথাসম্ভৱ কম বয়-বস্তুৰে ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে। নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ওজনৰ সামগ্ৰীৰে যাত্ৰা কৰিলে নিয়মীয়া হাৰতকৈ ছগুণ জৰিমনা ভৰিব লগা হ’ব পাৰে বুলি ৰে’ল কৰ্তৃপক্ষই পুনৰ সাৱধান বাণী জাৰি কৰিছে। ভাৰতীয় ৰে’ল কৰ্তৃপক্ষই এতিয়া প্ৰতিটো শ্ৰেণীৰ বাবে বিনামূলীয়াকৈ নিব পৰা সামগ্ৰীৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিছে। এই অনুযায়ী যাত্ৰীসকলে এ চি প্ৰথম শ্ৰেণীত ৭০, এ চি টু টায়াৰত ৫০, এ চি থ্ৰী টায়াৰ/ চেয়াৰ কাৰ/ শ্লীপাৰ শ্ৰেণীত ৪০ আৰু দ্বিতীয় শ্ৰেণীত ৩৫ কিলোগ্ৰাম সামগ্ৰী বিনামূলীয়াকৈ কঢ়িয়াব পাৰিব। যাত্ৰীসকলে অতিৰিক্ত সামগ্ৰী নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দি লাগেজ ভানত নিয়াৰ ব্যৱস্থা আছে।