উত্তৰ লখিমপুৰঃ ২৮ অক্টোবৰঃ বিশিষ্ট লেখিকা, কবি তথা উ.পূ. পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী ড° টেমচুলা আওক আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মৰণ কৰা হয়। সেই অনুষ্ঠানৰ বাবে ইংৰাজী বিভাগৰ সৌজন্যত মহাবিদ্যালয়খনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইংৰাজী ভাষাৰ সহকাৰী অধ্যাপক ড° সত্যনাথ পেগুৱে। সভাত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° হৰিণী পাটোৱাৰী দাসে সদ্যপ্ৰয়াত ড° আওৰ জীৱন আৰু কৰ্মৰ ওপৰত ভাষণ প্ৰদান কৰে । অনুষ্ঠানত ড° আওক মহাবিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইংৰাজী অনাৰ্ছৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ইংৰাজী বিভাগৰ অধ্যাপক ড° ৰূপজ্যোতি ভট্টাচাৰ্য আৰু পংকজ লোচন দাসে সভাত অংশগ্ৰহণ কৰে। শ্ৰদ্ধাঞ্জলি সভাত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ ডেকা, অচ্যুত কুমাৰ গগৈ, ড° বিভা দত্ত আৰু মৃদুস্মিতা হাজৰিকায়ো অংশগ্ৰহণ কৰে।