ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ – পৌৰসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক অভিন্দন

0 14

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি কেন্দুগুৰিৰ জিলা কাৰ্যালয়ত সদ্য নিৰ্বাচিত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু পৌৰসভা নিৰ্বাচনত যোৰহাট জিলাৰ অন্তৰ্গত যোৰহাট, তিতাবৰ, টীয়কৰ বিজয়ী প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে “অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত আৰু জিলা সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই আঁত ধৰা সভাত জ্যেষ্ঠ কাৰ্যকৰ্তা পালিত বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন জিলা সভাপতি কামাখ্যা মোহন দাস, প্ৰাক্তন জিলা সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক জিতু হাজৰিকা, Fishfed’ৰ অধ্যক্ষ সুশীলা হাজৰিকা, যোৰহাট উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামী, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিধাংকু অংকুৰ বৰুৱা প্ৰমুখ্যে ৰাজ্যিক, জিলা আৰু মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.