ডিজিটেল মিডিয়াৰ ওপৰত কেন্দ্ৰৰ চকুঃ অচিৰেই আনিব আইন

0 28
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰে এইবাৰ ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি, আগন্তুক সংসদৰ অধিবেশনত আইন সংশোধন কৰি বিধেয়কখন দাখিল কৰা হ’ব। এই আইন উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা ৰখা হৈছে। ডিজিটেল সংবাদ মাধ্যমে এই আইন বলবৎ হোৱাৰ ৯০ দিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব। ডিজিটেল বাতৰি বিতৰকসকলক প্ৰেছ মহাপঞ্জীয়কৰ ওচৰত পঞ্জীয়ন কৰা হ’ব। বাতৰি প্ৰকাশৰ সৈতে জড়িত আইন উলংঘা কৰিলে পঞ্জীয়ন বাতিলৰ ব্যৱস্থা ৰখা হৈছে। জৰিমনাৰো ব্যৱস্থা থাকিব। সূত্ৰ অনুসৰি, বিধেয়কখনে এতিয়াও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা সেউজ সংকেত লাভ কৰা নাই। এই সংশোধনীৰ বাবেই ডিজিটেল মাধ্যম পোনপটীয়াকৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব। ২০১৯ চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰই ডিজিটেল মাধ্যমক নতুন তথ্য প্ৰযুক্তি আইনৰ অধীনত আনি ডিজিটেল মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু ব্যাপক সমালোচনাৰ বাবে সেই সময়ত কাৰ্যকৰী হোৱা নাছিল।
মন্তব্য দিয়ক

Your email address will not be published.