ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

0 20

ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষী কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল প্ৰদানৰ বাবে ডিজিপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল কেইবাজনো যুৱক। ইয়াৰ পাছতে যুৱক কেইজনৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যুৱক কেইজনক মুকলি কৰি দিবলৈ। ইয়াৰ পাছতে আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে পিতৃ-মাতৃয়ে কৈ থকা কাৰণেই যুৱক কেইজনক এৰি দিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। ক’ৰ্টৰ অনুমতি পালেহে এৰি দিব পৰা যাব গ্ৰেপ্তাৰ হোৱা যুৱককেইজনক।

মন্তব্য দিয়ক

Your email address will not be published.