ডিপোতা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে যুৱকক

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডিপোতা নৈৰ বাঢ়নি পানীৰ সোঁতে কালি সন্ধ্যা প্ৰায় ৭মান বজাত এজন যুৱকক উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজা অন্তৰ্গত ঘগৰা আৰু কঠালগুৰি সংযোগী পথৰ ওপৰত থকা ডিপোটা দলংঙত সংঘটিত হয় এই শোকাবহ ঘটনাটো৷ উল্লেখ্য যে, ডেকা চুবুৰী খণ্ডৰ বেতনি বস্তী সুখু ভেংৰাৰ ১৬ বছৰীয়া পুত্ৰ অমুজ ভেংৰা কালি সন্ধিয়া বজাৰ কৰিবলৈ বুলি আহি থকা অৱস্থাতে পথটোত থকা এখন দলঙৰ সমীপত পানীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে৷ উল্লেখযোগ্য যে,বাৰিষা ডিপোতা নৈয়ে এক কালৰূপ ধাৰণ কৰে আৰু সম্প্ৰতি নৈখনৰ পানী উদ্বেগজনকভাবে বৃদ্ধি পোৱাত বেতনিবস্তীৰ বহু কেইটা পৰিয়ালৰ গৃহত পানীয়ে প্লাবিত কৰিছে। ডিপোটা আৰু ঘগৰা নদীৰ বাঢ়নী পানীয়ে আঠ খনৰো অধিক গাঁৱৰ কৃষকৰ খেতি পথাৰ প্লাবিত কৰাত কৃৰক ৰাইজে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।  সন্ধানহীন হৈ পৰা যুৱকজনৰ সন্ধানত আজি পুৱাৰ ভাগৰে পৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ দলে ডিপোতা নৈত অভিযান চলাই যদিও সন্ধান ওলোৱা নাই৷ ইপিনে তেজপুৰ তথা শোণিতপুৰৰ স্হান বিশেষে ব্ৰহ্মপুত্ৰ নদৰ লগতে জীয়াভৰলী,গাভৰু,চেচা আদি নৈ উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে৷ অৱশ্যে বেলশিৰি আৰু সোলেঙি নৈৰ জলস্তৰ সামান্য হ্ৰাস পোৱা বুলি চৰকাৰী ভাবে সদৰি কৰা হৈছে৷ ইপিনে,শোণিতপুৰৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত গৃহৰক্ষী জোৱান ৰাইচুদ্দিন আহমেদৰ মৃতদেহো আজি মিছামাৰীৰ গাভৰু নৈৰ পৰা উদ্ধাৰ কৰা হয়৷ উল্লেখ্য যে, যোৱা ২৪ঘন্টাত শোণিতপুৰ জিলাখনত তিনিজন লোকৰ মৃত্যু ঘটিছে।

মন্তব্য দিয়ক

Your email address will not be published.