ডিব্ৰুগড়, ২৮ মেঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি সোণোৱাল কছাৰী সাহিত্য সভা আৰু সোণোৱাল জনগোষ্ঠী প্ৰণয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ‘অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল’ শীৰ্ষক বক্তৃতানুষ্ঠান। সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ সঞ্চালনাত ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুুষ্ঠান উদ্বোধন কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে আজিৰ দিনটো সোণোৱাল জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিতি কৰি চলিত বৰ্ষৰ বাজেটত এই প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক পুঁজি ধাৰ্য কৰাৰ লগতে অনাগত দিনত ইয়াৰ বাবে যাৱতীয় পুঁজি আগবঢ়াই যাব বুলি ঘোষণা কৰে। বুৰঞ্জী প্ৰণয়ন সমিতিৰ মুখ্য সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া শৈক্ষিক বিনোদ বড়াই বিষয়টোৰ সম্পৰ্কত প্ৰস্তুত কৰা পৰিকল্পনাৰ আভাস দাঙি ধৰে। সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বিষয়টোৰ বিভিন্ন দিশ বিশ্লেষণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাধ্যাপক ড॰ নিৰোদ কুমাৰ বৰুৱা আৰু একে বিভাগৰে মুৰব্বী অধ্যাপক ড॰ চন্দন কুমাৰ শৰ্মাই। সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সভাৰ মুখ্য উপদেষ্টা গুণেশ্বৰ সোণোৱাল, বিশিষ্ট লেখক-সাহিত্যিক নন্দেশ্বৰ কছাৰী, শান্তনু দাস বৰহাজোৱাল, প্ৰশান্ত কুমৰাল, ডাঃ জীতেন বড়া, সাংবাদিক ৰতন হাজৰিকা, অধ্যাপক তুলসী সোণোৱাল, ড॰ নিতুমনি বড়া শইকীয়া, জগত হাজৰিকা, বেণু বড়া, মহানন্দ সোণোৱাল, লেখক অৰবিন্দ বড়া আদিয়ে বিষয়টোৰ সম্পৰ্কত প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণৰ লগতে বিষয়টোৰ সম্পৰ্কত কেতবোৰ পৰামৰ্শ আগবঢ়ায় । অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ শতাধিক ব্যক্তি উপস্থিত থাকে ।
পূৰ্বৱৰ্তী লেখা
তিনিচুকীয়াত পত্নী পৌৰ উপ সভানেত্ৰী- স্বামী উঠিৰজা-বহিৰজাঃ অতিষ্ঠ কৰ্মচাৰীৰ আন্দোলনৰ সকীয়নি
পৰৱৰ্তী লেখা