ডিব্ৰুগড়ত বিষ্ণু ৰাভা দিৱসত ১১ জনক ৰাজ্যিক আৰু ৩ জনলৈ ৰাষ্ট্ৰীয় বঁটা

0 23

বিষ্ণু ৰাভা বঁটাৰে সন্মানিত প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু নৃত্য পটীয়সী শাৰদী শইকীয়া

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ২০ জুনঃ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যুবাৰ্ষিকীৰ উপলক্ষে চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত হয় বিষ্ণু ৰাভা দিৱসৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি দুজনকৈ শিল্পীক ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা দিৱস বঁটা প্ৰদানৰ বিপৰীতে তিনিজনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু ১১ জনক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বঁটা বিতৰণী কাৰ্যসূচী। ইয়াৰ পিছতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক দেৱজিত খনিকৰে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ পূৰ্বে স্মৰণ কৰিলে বানপানীত আশ্ৰয় গ্ৰহণ কৰা আৰু মৃত্যু হোৱা ব্যক্তিসকলক। ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, এনেধৰণৰ বঁটাই অসমৰ নতুন প্ৰজন্মক প্ৰেৰণা দিব। এই মহান ব্যক্তিসকলক আগবাঢ়ি সাহস যোগাব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে  কয়, জীৱনজোৰা সাধনাৰে অসমৰ জাতিসত্বাক প্ৰাণৱন্ত কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। জাতি-জনগোষ্ঠীৰ আশা আৰু মিলনৰ প্ৰতীক আছিল ৰাভা। মানুহ আৰু সমাজক লৈ সুন্দৰ সপোন দেখিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। লিখিছিল শ্ৰমিক-বনুৱাৰ বাবে মুক্তিৰ গীত। শৈক্ষিক প্ৰতিভাৰে সুন্দৰৰ শিল্পীক সন্ধান কৰিছিল ৰাভাই। সাংস্কৃতিক শক্তিৰ মাজতে বিচাৰি পাইছিল মানুহৰ শক্তি। শিল্পীসকলক সুন্দৰৰ পূজাৰী আখ্যা দি মুখ্যমন্ত্ৰীজনে আৰু কয়, শিল্পীয়ে ভৱিষ্যতৰ দিশ দেখুৱাব পাৰে। আনহাতে বিষ্ণুপ্ৰসাদ ৰাভাই সাম্ৰাজ্যবাদৰ বিৰুদ্ধে নিস্বাৰ্থভাৱে যুঁজ দিছিল বুলি উল্লেখ কৰি আৰু কয়, সেইবাবে আজিও সমাজে তেখেতৰ বিপ্লৱী সত্তাক স্মৰণ কৰে। এখন শোষণমুক্ত সমাজ বিচাৰিছিল ৰাভাই। অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ ৰক্ষাৰ বাবে যথেষ্ট কাম কৰিছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাযাবৰী জীৱন কটায়ো বহু মূল্যৱান সাহিত্য সৃষ্টি কৰি থৈ গৈছে। অসমৰ জনগোষ্ঠীৰ সমন্বয় আৰু এখন গতিশীল অসম বিচাৰিছিল ৰাভাই। পৰ্বত-ভৈয়ামক একগোট কৰি সমাজ সচেতন শিল্পীৰ পৰিচয় দিছিল কলাগুৰুজনাই। উল্লেখযোগ্য যে, আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিষ্ণু ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পীক প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা। ইয়াৰে কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অমূল্য বৰঙণিৰ বাবে প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ আৰু সত্ৰীয়া নৃত্যৰ জগতখনৰ সৈতে যোৱা পাঁচটা দশকজুৰি ওতঃপ্ৰোতভাৱে জড়িত শাৰদী শইকীয়াক ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয়। সেইদৰে ২০২১ বৰ্ষৰ কালিচৰণ সন্দিকৈ ব্ৰক্ষ্ম বঁটা প্ৰাপক ড° অনুংলা আয়াৰ, কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰাপক ড° নৰেন কলিতা, আজানপীৰ বঁটা ড° অমলেন্দু ভট্টাচাৰ্যক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় বঁটা। ইফালে ২০২১ বৰ্ষ গীতিকবি পাৱতিপ্ৰসাদ বৰুৱা বঁটা মৃদুলা বৰুৱা, ২০২১ বৰ্ষৰ অমলপ্ৰভা দাস বঁটা ইলা বৰগোহাঁই, ২০২১ বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰাপক লীলাৱতী কুশ্ৰে, ২০২১ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী বঁটা প্ৰাপক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটা প্ৰাপক ছবিলাল উপাধ্যায়, ২০২১ বৰ্ষৰ আহমেদ আলী বাঁশকান্দি বঁটা চৈয়দ ছাদুল্লা, ২০২১ বৰ্যৰ গণেশ গগৈৰ বঁটা প্ৰাপক বংশী বৰা, ২০২১ বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰাপক হেমন্ত গোঁহাই আৰু ২০২১ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা প্ৰাপক ননী বৰুৱাক প্ৰদান কৰা হয় ৰাজ্যিক পৰ্যায়ৰ বঁটা। অনুষ্ঠানত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিবনুৱা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ সাংস্কৃতিক তথা উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু আদিকে ধৰি ভালেকেইগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকে। সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান।

(ওপৰৰ ছবিত গীতিকবি পাৱতিপ্ৰসাদ বৰুৱা বঁটাৰে সন্মানিত চলচিত্ৰ অভিনেত্ৰী মৃদুলা বৰুৱা)

মন্তব্য দিয়ক

Your email address will not be published.