শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ডিগবৈ মহিলা মহাবিদ্যালয়ত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। এই যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৬৪ খন মহাবিদ্যালয়ে যোগদান কৰিছিল। এই যুৱ মহোৎসৱত বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ে সামগ্ৰিকভাবে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ে লাভ কৰা পুৰস্কাৰসমূহ এনে ধৰণৰ— লোক নৃত্যত প্ৰথম স্থান। অংশগ্ৰহণকাৰীসকল- ৰিম্পী বুঢ়াগোহাঁই, ৰশ্মি গগৈ,চয়নীকা বৰুৱা, পৰি গগৈ, কৌশিক বৰুৱা, দীপাংকৰ নাথ, বিশ্বজিত হাজৰিকা, প্ৰাচুৰ্য্য গগৈ, জগদীশ তামুলী, আদিত্য বুঢ়াগোহাঁই। লোকবাদ্য দল – প্ৰথম (দীপাংকৰ নাথ, জগদীশ তামুলী, প্ৰাচুৰ্য্য গগৈ, আদিত্য বুঢ়াগোহাঁই, ৰিম্পী বুঢ়াগোহাঁই, চয়নীকা বৰুৱা, দৰ্পন দত্ত, সপ্তাঋষি মোহন, কৌশিক বৰুৱা। লোকগীত দলীয় – প্ৰথম (বিশ্বজিত হাজৰিকা, ৰিম্পী বুঢ়াগোহাঁই, ৰশ্মি গগৈ, প্ৰাচুৰ্য্য গগৈ) গগনা বাদনত – তৃতীয় (কৌশিক বৰুৱা)। ঢোলবাদনত তৃতীয় (কৌশিক বৰুৱা)। নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ আলোচনীয়ে দ্বিতীয় স্থান লাভ কৰে, শ্ৰেষ্ঠ সম্পাদকীয়-নৱকান্ত বৰুৱাৰ। ভজনত দ্বিতীয় (সীমা কুমাৰী)। শাস্ত্ৰীয় নৃত্যত দ্বিতীয় (সৌমিত দাস)। ৰংগোলীত তৃতীয় (শৰৎ শইকীয়া)। ইনষ্টলেচনত তৃতীয় (শৰৎ শইকীয়া, ভাগ্যশ্রী শৰ্মা, শশাংকু চেতিয়া, জুবিন শইকীয়া)। পশ্চিমীয় সংগীতত তৃতীয় (পৰীস্মিতা দত্ত)। একাংকিকা নাটকৰ শ্ৰেষ্ঠ অভিনেত্ৰী- ৰিম্পী বুঢ়াগোহাঁই। মহাবিদ্যালয়খনৰ এনে সাফল্যই মহাবিদ্যালয় পৰিয়ালক উৎফুল্লিত কৰি তুলিছে। মহাবিদ্যালয় খনৰ সংগীত আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক স্বপ্নীল নাথ আৰু তত্বাৱধায়ক চুচেঙ্ফা গগৈৰ নেতৃত্বত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ দলটোৱে।