ডিমৌত বিশ্ব হস্তী দিৱস উদযাপন

0 54

ডিমৌ, ১২ আগষ্ট : বিশ্বৰ অন্যন্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে শিৱসাগৰ জিলা বন সংমণ্ডলৰ সৌজন্যত ডিমৌ চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত সমাজকৰ্মী ঘনশ্যাম বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাত শিৱসাগৰ জিলা বন প্ৰাধিকাৰী বিষয়া দেবেন কলিতা, ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) মেৰি ভি ৰাংচাল,নেৰ্চাচ বেকনৰ হৈ জেহেৰুদ্দিন খান, চৰগুৱা গাঁও প্ৰধান পংকজ কলিতা, সাংবাদিক গৌতম হীৰা, চৰগুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী তথা স্হানীয় ৰাইজ উপস্থিত থাকে৷ ইফালে বিশ্ব হস্তী দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগীতাৰ “ক” শাখাত প্ৰথম জোনালী দাস, দ্বিতীয় মৃদুপৱন দাস, লিজা বৰুৱা তৃতীয় স্থান লাভ কৰে ৷ নিচুকনি বঁটা আগবঢ়োৱা হয় ৰাজস্মৃতা কোঁৱৰ আৰু ধ্ৰুৱজ্যোতি দাসক ৷ আনহাতে “খ” শাখাত প্ৰথম দিপাংকৰ হাজৰিকা,দ্বিতীয় সুদক্ষিণা দাস আৰু তৃতীয় সানা লংগাই লাভ কৰে৷ নিচুকনি বঁটা লাভ কৰে ক্ৰমে প্ৰিয়া গোৱালা, গীতাশ্ৰী দাসে ৷

মন্তব্য দিয়ক

Your email address will not be published.