শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ : এটা মানৱীয় ঘটনা। ঘটনাটো মধ্য প্ৰদেশ, ইন্দোৰৰ। এজন ২২ বছৰীয়া ‘ডেলিভাৰি বয়’ক ইন্দোৰৰ কেইবাজনো আৰক্ষী লগ লাগি কিনি দিলে এখন মটৰ চাইকেল। ৰাতিৰ ভাগত খাদ্যবস্তু গ্ৰাহকক ‘ডেলিভাৰ’ কৰিবৰ বাবে চাইকেলেৰে অহা-যোৱা কৰি থকা এই ‘ডেলিভাৰি বয়’জনক দেখা পোৱাৰ পিছত আৰক্ষীৰ লোকসকলে এই পদক্ষেপ গ্ৰহণ কৰে। ইন্দোৰৰ বিজয় নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টেহজীৱ কাজিয়ে ৰাতিৰ নৈমিত্তিক তহলদাৰীৰ সময়ত জয় হালদে নামৰ যুৱকজনক ঘামি-জামি চাইকেল চলাই খাদ্যৰ টোপোলা গ্ৰাহকৰ ঘৰে ঘৰে দিয়া প্ৰত্যক্ষ কৰিছিল। এবাৰ জয় হালদেক ৰখাই লৈ তেওঁ কি কাৰণে চাইকেল চলাই গ্ৰাহকৰ ঘৰে ঘৰে যাবলগীয়া হৈছে বুলি আৰক্ষী বিষয়াজনে প্ৰশ্ন কৰাত তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা একেবাৰেই শোচনীয় বাবে মটৰচাইকেল কিনিব নোৱাৰি চাইকেল চলায়েই দায়িত্ব পালন কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে। যুৱকজনৰ দুৰ্দশাৰ কথা জানিব পাৰি পিছদিনা বিজয় নগৰ আৰক্ষী থানাৰ কেইবাজনো আৰক্ষীৰ লোকে নিজৰ মাজতে পইচা তুলি এটা মটৰচাইকেল শ্ব’ ৰূমলৈ গৈ আধা মূল্য জমা দি যোৱা ২ মে’ত জয় হালদেক এখন মটৰচাইকেল কিনি দিয়ে। মটৰচাইকেলখনৰ বাকী থকা মূল্য কিস্তি হিচাপত জয়ে নিজেই পৰিশোধ কৰিব বুলি আৰক্ষীৰ লোকসকলক জানিবলৈ দিয়ে। বিজয় নগৰ আৰক্ষীৰ এই মহানুভৱতাক ধন্যবাদ জনাই জয় হালদেই আনন্দমনে কয় যে, আগতে তেওঁ চাইকেলেৰে ৰাতি কেৱল ৬-৮ জন গ্ৰাহককহে খাদ্যৰ টোপোলা যোগান ধৰিব পাৰিছিল; কিন্তু মটৰচাইকেলখন হোৱাৰ পিছত ৰাতি তেওঁ ১৫-২০ জন গ্ৰাহকক খাদ্য যোগান ধৰি অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।