ঢকুৱাখনা ব্যৱসায় সন্থাৰ নতুন সমিতি গঠন

0 216

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ অসম চেম্বাৰ্চ অব কমাৰ্চৰ অধীনস্থ ঢকুৱাখনা ব্যবসায় সন্থাৰ এখন সাধাৰণ সভা ১৪ আগষ্টৰ বিয়লি ২.৩০ বজাত সন্থাৰ সভাপতি যোগেশ বৰুৱাৰ সভাপতিত্বত সন্থাৰ ধৰমশালা ভৱনত অনুষ্ঠিত হয়। সাধাৰণ পৰিষদৰ সভাত সন্থাৰ পুৰণি সমিতি ভংগ কৰি পুৰণা সমিতিৰ গতিশীলতাক মান্যতা প্ৰদান কৰি নতুনকৈ পুনৰ দুবছৰৰ বাবে সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে পুৰণা সন্থাৰ বিষয়ববীয়াকে আগন্তুক দুবছৰৰ বাবে দায়িত্ব অৰ্পণ কৰে। সভাত অসম চেম্বাৰ অৱ কমাৰ্চৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম চেম্বাৰ অৱ কমাৰ্চ উপ সভাপতি তথা ধেমাজি চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি সজল দাস, আৰু ধেমাজি জিলাৰ সম্পাদক প্ৰশান্ত চাংমাই। সভাত প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা ধীৰেন দত্ত, কুশল গগৈ, নিত্যা লাহন আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সন্থাৰ নতুন সমিতিখনত আছে সভাপতিৰূপে যোগেশ বৰুৱা, সম্পাদক পূৰ্ণ চুতীয়া, কোষাধ্যক্ষ কৈলাশ শৰ্মা, কাৰ্যকৰী সভাপতি নিত্যা বৰগোহাঁই, উপ সভাপতি ৰঞ্জিত সন্দিকৈ, পল্লবিতা বৰুৱা, নিতুল বৰা। যুটীয়া সম্পাদক আলোক জৈন, সহকাৰী সম্পাদক জিণ্টু কলিতা, জাগিৰ আলি, ৰাতুল গগৈ। কাৰ্যনিৰ্বাহক সদস্যৰূপে আছে বিজয় দত্ত, বাবুলাল শৰ্মা, ধনজিত গুপ্তা, সুৰেশ দাস, ৰাজু জৈন, দিব্য কোঁৱৰ, নিকুঞ্জ ৰয়, জগত বৰা, বিনন্দ দাস, বিশ্বজিৎ বড়া, দিপ্তী কলিতা, চুমচুম দত্ত, মণ্টু খান, বাপি আলি, পৱন দে, অমৰজ্যোতি বৰুৱা, ৰবীন দে, মুকুট বৈশ্য, প্ৰকাশ ঘোষ, টুনটুন চাহু, প্ৰকাশ চাহু, জৈনাল আলি, আনন্দ দত্ত, মনিষ জৈন আৰু দীপাংকৰ দত্ত। আনহাতে সভাই ঢকুৱাখনাৰ বিশিষ্ট ব্যৱসায়ী ধীৰেণ দত্ত, কুশল গগৈ, নিৰঞ্জন শৰ্মা, কৰুণা গগৈ, চিত্ত সৰকাৰ আৰু ঘন কলিতাক সন্থাৰ উপদেষ্টাৰূপে মনোনীত কৰে। সভাতে পুৰণা সমিতিয়ে হিচাপ পত্ৰ দাখিল কৰে আৰু সভাই গৃহীত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.