ঢেকিয়াজুলিত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

0 131

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪ এপ্ৰিলঃ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ঢেকিয়াজুলি প্ৰকল্পৰ উদ্যোগত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক পৰিশ্ৰমৰ মূল্য মাননিৰ পৰিবৰ্তে মজুৰি হিচাপে প্ৰদান কৰাৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷আজিৰ বিক্ষোভ কাৰ্যসূচীত ঢেকিয়াজুলিৰ বিভিন্ন অঞ্চলৰ দুই শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই অংশগ্ৰহণ কৰি পৰিশ্ৰমৰ মূল্য মাননি নহয়:মজুৰি প্ৰদানৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰক,মজুৰি দিব নোৱাৰালৈকে মাননী মাহিলী ১০ হেজাৰ টকা আদায় দিয়াৰ বাজেটত প্ৰস্তাৱ গ্ৰহণ কৰক,মিনি কেন্দ্ৰ সমূহক পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি মিনিকেন্দ্ৰৰ কৰ্মীকো পূৰ্ণাংগ কৰ্মীৰ মৰ্যাদা প্ৰদান কৰক,আমাৰ দাবী মানি লওক,আদি বিভিন্ন শ্ল’গান দি ঢেকিয়াজুলিৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ পৰিবেশ উত্তাল কৰি তোলে৷পাছত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ঢেকিয়াজুলি প্ৰকল্পৰ সভানেত্ৰী দিপালী ওৰাং দাস আৰু সম্পাদিকা জ্যোতিপ্ৰভা শইকীয়া স্বাক্ষৰিত স্মাৰকপত্ৰ ঢেকিয়াজুলিৰ প্ৰকল্প বিষয়াক প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.