শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭ফেব্ৰুৱাৰীঃ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত আজি এটা পথ সঠিক ভাবে নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অভিযোগ অনুসৰি, মনুজুলি গাঁৱৰ শংকৰ ৰায়ৰ ঘৰৰ পৰা সুকুমাৰ বৈশ্যৰ ঘৰলৈকে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ বাবে চেনীমাৰী গাওঁ পঞ্চায়তে ২০২১-২২ ত তিনি লাখ ২৬ হেজাৰ ৩৮ টকা আবন্টন দিছিল৷ ইয়াৰ বিপৰীতে ৰাইজৰ অভিযোগ অনুসৰি পথচোৱা নিৰ্মাণৰে জড়িত সকলে মাত্ৰ ৩০ হেজাৰ মান টকাৰ কাম কৰিয়েই দায়িত্ব সামৰিব বিচৰাছে৷ ৰাইজে এই ক্ষেত্ৰত চেনীমাৰী গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিক বাৰম্বাৰ দাবী জনোৱাৰ পাছতো সুফল লাভ কৰা নাই৷ পঞ্চায়ত প্ৰতিনিধিৰ এনে দায়িত্বহীনতাৰ বাবেই আজি অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু ক্ষোভিত ৰাইজে আজি মনুজুলি গাঁৱত এনে অনিয়মৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহা সাতদিনৰ ভিতৰত পথচোৱাত কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে৷