তিনিচুকীয়াত চি এম ই টিৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ

0 68

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি কিদৰে ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্যোগৰ নতুন সুযোগ সৃষ্টি কৰিব পৰা যাই তাৰ ওপৰত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মহানিৰ্দেশক ড° ভাৰত বি. কালে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ড° কালেই তেখেতৰ বক্তব্যত ন-ন প্ৰযুক্তিৰ কথা উল্লেখ কৰে যাৰ ব্যৱহাৰে উদ্যোগীসকলৰ বাবে শক্তি উৎপাদন আৰু সংৰক্ষণ উপ-সামগ্ৰীৰ সুযোগ বৃদ্ধি কৰিব পাৰিব ৷ উক্ত কাৰ্যসূচীত তিনিচুকীয়াত চি এম ই টিৰ এটা কেন্দ্ৰ স্থাপন কৰি কেনেদৰে উদ্যোগৰ নতুন সুযোগৰ লগতে অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰিব পাৰি তাৰ ওপৰতো আলোচনা হয় ৷ কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা আৰু সহকাৰী আয়ুক্ত অপূৰ্ব বৰগোহাঁইৰ লগতে চেম্বাৰ অব্ কৰ্মাচৰ প্ৰতিনিধি, তিনিচুকীয়া জিলাৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.