শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজি অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ অন্তৰ্গত জিলাখনৰ নিৰ্বাচিত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ এহেজাৰ গৰাকী মহিলা হিতাধিকাৰীক ২০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয় । মাইক্ৰ’ফাইনেন্সৰ চেক বিতৰণ কৰি মন্ত্ৰী দাসে নিজৰ ভাষণত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই ব্যৱস্থাই ৰাজ্যখনৰ দুৰ্গত মাইক্ৰ’ফাইনেন্স ঋণীক বিশেষকৈ মহিলাসকলক সকাহ দিব । তেওঁ লগতে এই আঁচনি সঠিকভাৱে ব্যৱহাৰ কৰি নিজৰ উদ্যোগৰ দ্বাৰা লাভাৱান্বিত হৈ ব্যক্তিগত উন্নয়নৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ সভাৰ উদ্বোধনী ভাষণত উপায়ুক্ত নৰসিং পৱাৰে মহিলাসকলক উদ্দেশ্যি তেওঁলোকে গ্ৰহণ কৰা ঋণ সৎ উদ্দেশ্যত ব্যৱহাৰ কৰি নিয়মিতভাৱে পৰিশোধ কৰি থাকিবলৈ আহ্বান জনায় ৷ সভাত মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্বন্ধে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও বক্তব্য ৰাখে ৷ আজিৰ চেক বিতৰণ অনুষ্ঠানত শদিয়াৰ বিধায়ক বলীন চেতিয়া, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়াৰ উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই প্ৰমুখ্যে প্ৰশাসনৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে অভিভাৱক মন্ত্ৰীয়ে তিনিচুকীয়াত নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্য্যৰ অগ্ৰগতিৰ বুজ লয় আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, উপায়ুক্ত নৰসিং পৱাৰ, অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাৰ উপৰি স্বাস্থ্য, লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিষয়াবৰ্গ আকু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷