তিনিচুকীয়াৰ অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ

0 29

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মাৰ্চ : তিনিচুকীয়া চহৰৰ এক অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কণমানি ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰাৰ অভিযোগৰ ভিত্তিত সদৰ থানাত গোচৰ ৰুজু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ অভিজাত শিক্ষানুষ্ঠান বাডিং বাডছ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষৰ পত্নী তথা বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মিতালী গগৈয়ে নাৰ্ছাৰীৰ এগৰাকী ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰা বুলি ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰে ৷ ইয়াৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৩/৩৪ ধাৰাৰ লগতে কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন ২০১৫ৰ ৭৫ ধাৰাৰ অধীনত ২১৭/২৩ নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷ অভিযোগ অনুসৰি বিদ্যালয়খনৰ অধ্যক্ষৰ পত্নী তথা শিক্ষয়িত্ৰী মিতালী গগৈ আৰু নৃত্য শিক্ষয়িত্ৰী গুৰজিৎ সিঙে শিশুটিক অত্যাচাৰ কৰিছিল ৷

 

 

 

মন্তব্য দিয়ক

Your email address will not be published.