তিনিচুকীয়াৰ ৰাজপথত বহিৰাগত বিজেপি পালিনেতাৰ গুণ্ডাগিৰি

আৰক্ষী বিষয়াক ৰাজহুৱাভাৱে অপদস্থ

0 136
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ ক্ষমতাৰ ৰাগীত মতলীয়া শাসকীয় বিজেপি দলৰ একাংশ অনাঅসমীয়া পালিনেতাৰ গুণ্ডাগিৰিয়ে তিনিচুকীয়াত এতিয়া সকলো সীমা অতিক্ৰম কৰিছে ৷ পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে সৰ্বসাধাৰণ লোকৰ কথা বাদেই, বহিৰাগত এই বিজেপিৰ পালিনেতাসৱৰ গুণ্ডামিত খোদ আৰক্ষীৰ লোকেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ যোৱা ৫ অক্টোবৰত বিজয়া দশমীৰ দিনা সামান্য অজুহাতত বিজেপিৰ কেইজনমান পালিনেতাই সহস্ৰাধিক লোকৰ সন্মুখতে কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ কৰাৰ ঘটনাই তিনিচুকীয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ‌ সৃষ্টি কৰিছে ৷ অভিযোগ অনুসৰি জনৈক অৱধেশ ৰাষ্ট’গী আৰু অজয় সিং ওৰফে মুন্না নামৰ বিজেপিৰ দুই পালিনতাই উক্তদিনা সকলো সীমা চেৰাই গৈ তিনিচুকীয়াৰ থানা চাৰিআলিত কৰ্তব্যৰত আৰক্ষী বিষয়াক অভব্য আচৰণৰ বলি কৰে ৷ স্থানীয় সূত্ৰমতে বিজয়া দশমী উপলক্ষে দেৱী বিসৰ্জনৰ বাবে উলিওৱা শোভাযাত্ৰাত ডি জে ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰাৰ অজুহাততে বিজেপিৰ পালিনেতাদ্বয়ে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি কৰ্তব্যৰত আৰক্ষী বিষয়াৰ সৈতে হতাহতিতো লিপ্ত হোৱাৰ অপচেষ্টা চলায়৷ হাজাৰজন লোকৰ চকুৰ সন্মুখতে বিজেপিৰ পালিনেতাদ্বয়ে আৰক্ষী বিষয়াৰ প্ৰতি প্ৰদৰ্শন কৰা অভব্য আচৰণে সকলোকে হতচকিত কৰি তোলে৷ ইফালে এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছত বহিৰাগত বিজেপিৰ পালিনেতাদ্বয়ে আৰক্ষী বিষয়াক ৰাজহুৱাভাৱে অপমান কৰিবলৈ কিদৰে সাহস কৰিলে তাকে লৈ ব্যাপক চৰ্চা হৈছে৷ আনহাতে স্মাৰ্ট অসম আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে গ্ৰহণ কৰা নিৰ্বিকাৰ ভূমিকাও সৰৱ আলোচনাৰ বিষয় হৈ পৰিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.