তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ

0 10
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ অক্টোবৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা সম্পত্তিৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ, সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ উপৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল তথা জিলাখনৰ অন্তৰ্গত ১১ খন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু বিষয়ববীয়াসকল উপস্থিত থাকে ৷ চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত প্ৰতিবাদী আছু কৰ্মীসকলে ’অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, যোগান মন্ত্ৰী হায় হায়, অসম চৰকাৰ কাম নাই, কাম নাই গাদী এৰক’ আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ চৰকাৰে অতিশীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে সম্পত্তিৰ ওপৰত বৰ্দ্ধিত কৰ ৰোধ কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা পৰৱৰ্তী পৰ্যায়ত অধিক জংগী আন্দোলনৰ গঢ়ি তোলা হ’ব বুলি ছাত্ৰ সন্থাই সকিয়াই দিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.