তিনিচুকীয়াত আদালতৰ কৰ্মচাৰী জড়িত ড্ৰাগছৰ বেহাত

 ধৃত ২ : হেৰ’ইন জব্দ

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজিও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান ৷ আজি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰবী সোনোৱাল নামৰ কৰ্মচাৰীজনক আদালতৰ চৌহদৰ পৰা আটক কৰে ৷ আৰক্ষীয়ে ধৃত সোনোৱালৰ ঘৰত চলোৱা তালাচীৰ সময়ত ১.৫ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে ড্ৰাগছখিনি প্ৰতিবেশীৰ চৌহদলৈ দলিয়াই লুকুৱাৰ অপচেষ্টাত লিপ্ত হোৱাৰ বাবে সোনোৱালৰ পত্নীকো আৰক্ষীয়ে আটক কৰে ৷ আনহাতে চহৰখনৰ হিজুগুৰীৰ ভি আই পি পথৰ এটা ভাড়াঘৰত গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বিকি হাজৰিকা (২৬) নামৰ এজন যুৱকক আটক কৰাৰ লগতে ৭.৩২ গ্ৰাম সন্দেহজনক হেৰ’ইন আৰু এখন পালচাৰ মটৰচাইকেল জব্দ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.