তিনিচুকীয়াত আবকাৰী আৰক্ষীৰ অভিযানত শ শ লিটাৰ অবৈধ সুৰা-ড্ৰাগছ জব্দ

0 35
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ জুন : মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে চানি ধৰা তিনিচুকীয়াত অব্যাহত আছে অবৈধ সুৰা, মদৰ ঘাটি আৰু ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । তিনিচুকীয়াৰ কাৰ্য্যবাহী দণ্ডাধীশদ্বয় ক্ৰমে নিলুৰাম শৰ্মা আৰু কংকনজ্যোতি শইকীয়াৰ লগতে আবকাৰী অধীক্ষক মনিলা বৰঠাকুৰৰ নেতৃত্বত যোৱা আবকাৰী দলে আজি জিলাখনৰ বাৰেকুৰিৰ বিভিন্ন এলেকাত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ মদ জব্দ কৰি নষ্ট কৰে । ইফালে বুধবাৰে নিশা চহৰখনৰ উপকণ্ঠৰ নখৰাইৰ সূৰজ গোঁহাই নামৰ এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে মুঠ ৫৪.৪ গ্ৰাম পৰিমাণৰ ৫ পেকেট সন্দেহজনহ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । তিনিচুকীয়া জিলা প্ৰশাসনে ইতিমধ্যে বিগত কেইটামান দিনৰ ভিতৰতে জিলাখনৰ একাধিক প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাইপাছৰ কাষৰ ধাবা, ৰেষ্টুৰেণ্টত অভিযান চলাই শ শ লিটাৰ অবৈধ সুৰা জব্দ কৰাৰ উপৰি চুলাই ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ।
মন্তব্য দিয়ক

Your email address will not be published.