তিনিচুকীয়াত নিপন গোস্বামী, নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

0 25

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ অক্টোবৰ : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা তিনিচুকীয়াৰ অন্যান্য সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আজি সন্ধিয়া চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এক কাৰ্য্যসূচী গ্ৰহণ কৰা হয়৷ চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তিস্থলীত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰে তিনিচুুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই ৷ কাৰ্য্যসূচীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, প্ৰাক্তন আছু নেতা ৰূপম কাকতি, ভি কে ভি স্কুলৰ অধ্যক্ষ লক্ষীনাৰায়ণ গোস্বামী, অসম নাট্য সন্মিলনৰ শ্যাম সুন্দৰ খাউণ্ড, অনিল বৰাকে ধৰি একাধিক সামাজিক আৰু সাংস্কৃতিক কৰ্মী উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.