তিনিচুকীয়াত পত্নী পৌৰ উপ সভানেত্ৰী- স্বামী উঠিৰজা-বহিৰজাঃ অতিষ্ঠ কৰ্মচাৰীৰ আন্দোলনৰ সকীয়নি

0 102

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ মে’ : তিনিচুকীয়া পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিত উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰা বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ নৱনীতা আগৰৱালাৰ স্বামীৰ বিৰুদ্ধে পৌৰসভাৰ কৰ্মচাৰীক অভব্য আচৰণৰ বলি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ৰ নথিপত্ৰত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই । অভিযোগ অনুসৰি ২৫ মে’ৰ দিনা তিনিচুকীয়া পৌৰসভাৰ দুজন কর্মচাৰী ক্রমে বিজয় কুৰ্ম্মী আৰু ৰাকেশ ৰামক উপ-সভানেত্রীৰ স্বামী নিধিশ আগৰৱালাই অকথ্য ভাষাৰে গালিগালাজ কৰে । ইয়াৰোপৰি কৰ্ম্মচাৰী দুজনক কিয় গালি পাৰিছে বুলি সোধাৰ বাবে তাবলু দে নামৰ আন এজন ব্যক্তিকো আগৰৱালাই গালি দিয়া বুলি প্ৰকাশ । তেওঁ আনকি তিনিচুকীয়া পৌৰসভাৰ সভাপতিৰ প্ৰতিও কটু মন্তব্য কৰা বুলি অভিযোগ উঠিছে । সূত্ৰমতে এইগৰাকী নিধিশ আগৰৱালাই আনকি উপ-সভানেত্ৰীৰ টেবুলত থকা কাৰ্য্যালয়ৰ ফাইল ইফাল-সিফাল কৰি থকাও বহুতে প্রত্যক্ষ কৰিছে । অভিযোগ অনুসৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ আশিসধন্য হোৱাৰ সুবাদতে তিনিচুকীয়া পৌৰসভাৰ উপ-সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে গুৰুগোঁসাই নমনা হৈ পৰিছে । অকৰ্তৃত্বশীল ব্যক্তিৰ অবাঞ্চিত হস্তক্ষেপৰ ফলত তিনিচুকীয়া পৌৰসভাত কৰ্ম্মচাৰীসকলে কাম কৰাৰ পৰিৱেশ বিনষ্ট হৈছে আৰু ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে কৰদাতা ৰাইজে । ইতিমধ্যে পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই এই সন্দৰ্ভত সভাপতিক অভিযোগ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে ইয়াৰ অন্যথা অকৰ্তৃত্বশীল ব্যক্তিৰ হস্তক্ষেপৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী লবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে ।

মন্তব্য দিয়ক

Your email address will not be published.