তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড

0 10
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১ জুলাইঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপুখুৰী অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে শিৱশক্তি আটা মিলৰ সমীপৱৰ্তী মণিৰুল হক নামৰ এজন ব্যক্তিৰ ভাৰাঘৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত ভাৰাতীয়া লোক বাস কৰা ৮ টা কোঠা জুইত জাহ যায় । স্থানীয় সূত্ৰমতে ভাৰাতীয়া হিচাপে থকা এজন লোকে কোঠাত জ্বলোৱা ধূনাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। জুইৰ লেলিহান শিখাই মুহূৰ্ততে ভাৰাঘৰসমূহ আগুৰি ধৰে। অগ্নিকাণ্ডত দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰিত হোৱাৰ ফলত জুইৰ তীব্ৰতা বৃদ্ধি পায়। অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই ৮ টা ভাৰা কোঠা জুইত জাহ যায় । উক্ত কোঠাসমূহত বাস কৰা লোকসকলৰ প্ৰায় সকলো নথিপত্ৰ আৰু অন্যান্য সামগ্ৰী জুইত ধ্বংসপ্ৰাপ্ত হয় ।
মন্তব্য দিয়ক

Your email address will not be published.