তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

0 47
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ আগষ্ট : মিছা বিভীষিকাৰ পৰিৱৰ্তে প্ৰকৃত বিভীষিকা মোডী বিভীষিকা আৰু মূল্যবৃদ্ধিৰ বিভীষিকাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ্বান জনাই আজি চিপিআইৰ (এম-এল) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত মোদী বিভীষিকাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এক বিবৃতিত চিপিআই (এম-এল) দলৰ নেতা সুভাষ সেনে ক্ষোভ প্ৰকাশ কৰি কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰ পৰা দেশবাসীক এটাৰ পিছত এটাকৈ আভুৱা ভাঁৰি সাম্প্ৰদায়িকতা, নিবনুৱা সমস্যা, ৰাষ্ট্ৰ সন্ত্ৰাস, ব্যক্তিগতকৰণ, শ্ৰম আইন বিলুপ্তিৰে শ্ৰম-কোডৰ বিভীষিকা সৃষ্টিৰ জৰিয়তে তেওঁ নিজেই এক বিভীষিকা হৈ পৰিছে ৷ এইবোৰৰ আটাইতকৈ মাৰাত্মক বিভীষিকাটো হৈছে আকাশলংঘী মূল্যবৃদ্ধিৰ বিভীষিকা ৷ ইয়াক আওকাণ কৰি বিজেপিয়ে এতিয়া দেশ বিভাজনৰ মিছা বিভীষিকা প্ৰচাৰ কৰি দেশবাসীক নতুনকৈ আভুৱা ভাঁৰিছে ৷ নিজৰ ব্যৰ্থতা তথা জনবিৰোধী নীতিক গাপ দিবলৈ এই মিছা প্ৰচাৰত লিপ্ত হোৱা বুলি সেনে অভিযোগ কৰে ৷
মন্তব্য দিয়ক

Your email address will not be published.