তিনিচুকীয়াত শিক্ষা বিভাগ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰচেষ্টা

0 79

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৮ ছেপ্তেম্বৰঃ মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে সমাজ জীৱনলৈ চৰম ভাবুকি কঢ়য়িাই অনাৰ পৰিপ্ৰেক্ষিতত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া সাংবাদিক চ’ৰাৰ (তিনিচুকীয়া প্ৰেছ ক্লাব) সহযোগত আজি জিলাখনৰ পানীতোলা হিন্দী ইংলিচ হাইস্কুলৰ প্ৰেক্ষাগৃহত ’বিপদজনক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা’ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ তিনিচুকীয়া সাংবাদিক চ’ৰাৰ উপদেষ্টা, লেখক, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডাঃ হৰিনাৰায়ণ বৰকটকীয়ে বিষয়বস্তুৰ ওপৰত প্ৰাসংগিক আৰু চিন্তা উদ্ৰেককাৰী বক্তব্য দাঙি ধৰে৷ ৰাজ্যিক এণ্টি ড্ৰাগছ প্ৰিভেনচন কাউন্সিলৰ সদস্য জয়ন্ত বৰুৱাই নিজৰ বক্তব্যত বৰ্তমান ভয়াৱহ ৰূপ লোৱা নিচাজাতীয় দ্ৰব্যৰ ব্যাপক প্ৰচলনে উঠি অহা প্ৰজন্মক কিদৰে নিঃশেষ কৰিছে তাৰ বিষয়ে উল্লেখ কৰে৷ আনহাতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ মনস্তত্ত্ব বিশেষজ্ঞ লক্ষ্যজীৎ দাসে কেনেদৰে এজন ব্যক্তি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷ পানীতোলা উচ্ছতৰ মাধ্যমিক বিদ্যালয়, পানীতোলা গাৰ্লছ্‌ হাইস্কুল, বৰুৱাহোলা হাইস্কুল, লাইপুলি ইন্দিৰা গান্ধী হাইস্কুল আৰু পানীতোলা হিন্দী ইংলিচ হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা সজাগতা সভাত কেউখন বিদ্যালয়ৰ প্ৰধানসকলৰ উপৰি এজনকৈ শিক্ষক উপস্থিত থাকে৷তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সভাপতি কমল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণেৰে সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰে তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই৷ সভাৰ আৰম্ভণিতে হিন্দী ইংলিচ হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী গীতাঞ্জলী হাজৰিকা আৰু পানীতোলা গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী প্ৰাণঞ্জীতা দাসে অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনায়৷ আজিৰ সভাত উপস্থিত থকা বিশেষজ্ঞসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰো উত্তৰ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.