তিনিচুকীয়াত শোক দিৱস পালন

0 12

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ আগষ্ট : বিগত ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত শোক দিৱস পালন কৰা হয় ৷ উপায়ুক্ত নৰসিং পৱাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱা আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰায় ৷

মন্তব্য দিয়ক

Your email address will not be published.