তিনিচুকীয়াত সন্ধানহীন শিশুৰ কংকাল উদ্ধাৰ

0 24

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰ : তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নখৰাই চাহ বাগিছাৰ কাষৰীয়া এক হাবিতলীয়া অঞ্চলত বৃহস্পতিবাৰে এটা নৰকংকাল উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে কালি নৰকংকাল উদ্ধাৰ হোৱাৰ পাছত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ জানিব পৰা মতে স্থানীয় লোকে উক্ত স্থানত নৰকংকালটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ পাছত গুইজান আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত নৰকংকালটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে যোৱা ১১ ছেপ্তেম্বৰত নখৰাই চাহ বাগিছাৰ ৰমান লোহাৰ নামৰ লোকজনৰ ৬ বছৰীয়া কন্যা নিৰুদ্দেশ হৈছিল । এই সন্দৰ্ভত লোহাৰে গুইজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও এমাহৰ পাছতো আৰক্ষী কিম্বা পৰিয়ালৰ লোকে শিশুটিৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ৷ কালি নৰকংকালটো উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছত নিৰুদিষ্ট শিশুটিৰ পিতৃ ৰমান লোহাৰ ঘটনাস্থলীত উপস্থিত হৈ কংকালটোৰ সৈতে উদ্ধাৰ হোৱা কাপোৰ, খাৰু আদি প্ৰত্যক্ষ কৰি নৰকংকালটো তেওঁৰ সন্ধানহীন হৈ থকা কন্যাৰ বুলি সন্দেহ প্ৰকাশ কৰে ৷ কোনো দুৰ্বৃত্তই শিশুটিক হত্যা কৰি উক্ত স্থানত পেলাই থোৱা বুলি সন্দেহ কৰা হৈছে ৷ স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.