তিনিচুকীয়াত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

নৱ-নিৰ্বাচিত উপ-সভাপতি ডা: গিৰিশ সন্দিকৈক সম্বৰ্ধনা

0 41
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : তিনিচুকীয়া জিলা সাহিত্য সভাই চহৰখনৰ ৰঙাগড়া পথস্থিত শাখা সাহিত্য সভাৰ ভৱনত ২৬ আৰু ২৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ সাহিত্য সভাৰ তিনিচুকীয়া শাখাৰ আতিথ্যত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা সন্ধিয়া সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিমূৰ্তি থলীত বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ উপ-সভাপতি খৰ্গেশ্বৰ টায়ে। আজি দ্বিতীয়া দিনা কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে তিনিচুকীয়া শাখাৰ সভাপতি তিলক সন্দিকৈয়ে। জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে সম্পাদক মনোৰম বৰাই। অৰুণিমা সন্দিকৈ আৰু ভৈৰৱী নেওগ দহোতীয়াৰ দ্বাৰা পৰিৱেশিত দ্বৈত আধুনিক গীতেৰে আৰম্ভ হোৱা সভাত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি ডা: গিৰিশ সন্দিকৈ, তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা চাংমাই, লেখক তিলক সন্দিকৈ, কবি পুলক কুমাৰ গগৈ, অসম লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা তৃপ্তি দাস, সাংবাদিক হেমন্ত কুমাৰ শইকীয়া, বিশিষ্ট কবি, লেখক ডা: নিলাক্ষী চলিহা গগৈকে মুখ্য কৰি জিলাখনৰ ভালেসংখ্যক সাহিত্য অনুৰাগী উপস্থিত থাকে।  সভাৰ মাজতে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি ডা: গিৰিশ সন্দিকৈক তিনিচুকীয়া জিলা আৰু শাখা সাহিত্য সভাই সম্বৰ্দ্ধনা পত্ৰ, চেলেং, ফুলাম গামোচা, ফুলৰ থোপা আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । তদুপৰি জিলাখনৰ বিভিন্ন শাখা সাহিত্য সভাৰ লগতে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ তিনিচুকীয়া জিলা সমিতি, বীৰ লাচিত সেনাৰ তিনিচুকীয়া আঞ্চলিক সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়েও নৱ-নিৰ্বাচিত উপ-সভাপতিগৰাকীক সম্বৰ্ধনা জনায়। আনহাতে ‘গোহাঞি বৰুৱাৰ অসমীয়া সাহিত্যলৈ অৱদান’ শীৰ্ষক আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াই সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীৰ লগতে তেওঁৰ সৃষ্টিৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ তেওঁ বিশিষ্ট সাহিত্যিকজনাৰ সৃষ্টিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল অনন্তকাললৈ চহকী কৰি ৰাখিব বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানৰ আঁত ধৰে তিনিচুকীয়া শাখা সাহিত্য সভাৰ সম্পাদিকা অৰুণিমা সন্দিকৈয়ে ।
মন্তব্য দিয়ক

Your email address will not be published.