তিনিচুকীয়াত ৰাষ্ট্ৰীয় উদ্যানৰ মূল্যৱান গছ কাটি চলিছে পাইপ লাইন স্থাপনৰ কাম

0 0

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : মূল্যৱান মূল্যবান গছ কাটি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে অইলৰ ডিগবৈ-দুলীয়াজান পাইপ লাইন স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। আজি এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিৱৰ্তে উদ্যানৰ মূল্যৱান গছ কাটিবলৈ অইল ইণ্ডিয়াক কিদৰে অনুমতি প্ৰদান কৰিলে সেয়া ৰহস্যজনক ৷ ইয়াৰোপৰি আজি কিছুদিন ধৰি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত গছ-গছনিৰ অবাধ ধ্বংসযজ্ঞ দেখা গৈছে ৷ বিগত সময়ত জিলা ছাত্ৰ সন্থা আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই হস্তী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে হাজাৰৰো অধিক গছপুলি ৰোপণৰ কাৰ্য্যসূচী হাতত লৈ আহিছে ৷ কিন্তু ইয়াৰ বিপৰীত এচাম ধুৰন্ধৰে গছ কাটি তহিলং কৰা পৰিলক্ষিত হৈছে ৷ ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া টি চি ৰঞ্জিত ৰাওৰ সৈতে বন মাফিয়া আৰু ভূ মাফিয়াৰ মিতিৰালিৰ ফলতেই এনে হবলৈ পাইছে বুলি জিলা ছাত্ৰ সন্থাই সন্দেহ প্ৰকাশ কৰে ৷ বিবৃতিটোত উল্লেখ যে ২০২০ চনত দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় যদিও ৰাষ্ট্ৰীয় উদ্যানৰ বাবে প্ৰযোজ্য হোৱা আইন এইজন বিষয়াৰ ছত্ৰছায়াত উলংঘা হোৱা দৃষ্টিগোচৰ হৈছে ৷ ইয়াৰ এক জলন্ত উদাহৰণ হ’ল ডিগবৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ভূ মাফিয়াই এইগৰাকী বিষয়াক মেনেজ কৰি মাজনিশা ২ বজাৰ পৰা পুৱতি নিশালৈকে চোৰাংকৈ ডাম্পাৰেৰে মাটি কঢ়িওৱা। সততে বন সংৰক্ষণৰ কথা কোৱা এই জন টি. চি. ৰঞ্জিত ৰাওৱে বনাঞ্চল ধ্বংসত অৰিহণা যোগাইছে আৰু নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে বুলি আছুৱে পোনপতীয়াকৈ অভিযোগ কৰে। অনতিপলমে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূলৱান গছ কটাৰ কাম বন্ধ কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বন বিভাগৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি বিবৃতিটোত সকীয়াই দিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.