শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া অঞ্চলৰ ৰাজাআলি এলেকাত আজি ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হয় ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগে চলোৱা এই উচ্ছেদ অভিযানত ৰে’লৱেৰ মাটিত অবৈধভাৱে নিৰ্মাণ কৰা ১৫১ বাসগৃহ বুলডজাৰ লগাই ভাঙি পেলোৱা হয় ৷ উচ্ছেদৰ সময়ত উক্ত স্থানত উদ্ভৱ হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ আজি পুৱাৰ ভাগতে মোতায়েন কৰা হয় আৰক্ষী, চি আৰ পি এফ বাহিনী আৰু ৰে’লৱে আৰক্ষীৰ বিশাল দল ৷ ইয়াৰোপৰি কাৰ্য্যবাহী দণ্ডাধীশ তথা তিনিচুকীয়াৰ চক্ৰ বিষয়া চিন্ময় পাঠক আৰু ৰে’ল বিভাগৰ বিষয়াও উচ্ছেদৰ সময়ত ঘটনাস্থলীত উপস্থিত থাকে ৷ অৱশ্যে উচ্ছেদৰ সময়ত কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই ৷ ৰে’লৱেৰ সূত্ৰ মতে বিভাগৰ তৰফৰ পৰা কেইবামাহো পূৰ্বেই বেদখলকৃত ভূমি খালী কৰি দিয়াৰ বাবে জাননী জাৰী কৰাৰ উপৰি মাইকযোগেও ঘোষণা কৰা হৈছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বেছিভাগ বেদখলকাৰীয়ে ইতিমধ্যে উক্ত স্থান খালী কৰা বুলি প্ৰকাশ ৷ তাৎপৰ্যপূৰ্ণভাৱে ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰা এই বাসগৃহ সমূহত আছিল বিদ্যুত সংযোগৰ ব্যৱস্থা ৷ সাধাৰণ নাগৰিকক বিদ্যুৎ সংযোগ প্ৰদান কৰিবলৈ হ’লে অসংখ্য নথিপত্ৰ বিচৰা তিনিচুকীয়াৰ বিদ্যুৎ বিভাগে এই অবৈধ বাসগৃহ সমূহত কিদৰে বিদ্যুৎ সংযোগ প্ৰদান কৰিলে সেয়া কাৰো বোধগম্য হোৱা নাই ৷