তিনিচুকীয়ালৈ আহি ১৭ দিনে সন্ধানহীন ডিব্ৰুগড়ৰ ব্যক্তি

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ এপ্ৰিল : তিনিচুকীয়ালৈ আহি সন্ধানহীন হৈ আছে ডিব্ৰুগড়ৰ সেউজপুৰ নিৰ্বাসী পুষ্পধৰ গগৈ নামৰ এজন মুকবধিৰ লোক ৷ প্ৰায় ৭৫ বছৰীয়া বিবাহিত মুকবধিৰ লোকজন যোৱা ২০ মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ। এই সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা ডিব্ৰুগড় আৰক্ষীক অৱগত কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গ ৷ পুষ্পধৰ গগৈৰ ভাতৃয়ে জানিবলৈ দিয়া মতে ২০ মাৰ্চৰ পুৱাৰ ভাগৰ পৰা ব্যক্তিজন নিখোজ হৈ আছে ৷ বহু খবৰ কৰি পৰিয়ালে তেওঁ এখন বাছত তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ ৰাজ্যিক বাছ আস্থানত বাছৰ পৰা নামে বুলি জানিব পাৰে ৷ কিন্তু তাৰ পাছৰ পৰা ব্যক্তিজনৰ আৰু কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালে ৷ কোনো সদাশয় লোকে তেওঁৰ সন্ধান পালে ৭০২১৯৭১৫০৩ নম্বৰত যোগাযোগৰ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.