শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ বৰগুৰি অঞ্চলৰ অনিৰুদ্ধদেৱ নগৰ নিবাসী যতীন চেতিয়াৰ সহধৰ্মিনী তথা ধৰ্মপ্ৰাণ মহিলা সুৰভি চেতিয়াৰ প্ৰায় ৭২ বছৰ বয়সত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী, তিনিচুকীয়া পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ কমিছনাৰ, প্ৰাক্তন আছুনেতা তথা বিজেপিৰ জিলা সমিতিৰ সম্পাদক পুলক চেতিয়াসহ দুই পুত্ৰ, বোৱাৰী, দুই কন্যা আৰু কেইবাটিও নাতি-নাতিনীক ইহসংসাৰত এৰি গৈছে। সুৰভি চেতিয়াৰ মৃত্যুত তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি কণ গগৈ, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, তিনিচুকীয়া জিলা বিজেপি, তিনিচুকীয়া পৌৰসভাকে ধৰি একাধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোকপ্ৰকাশ কৰিছে। আজি বিয়লি তিনিচুকীয়াৰ ৰৰাজহুৱা শ্মশানত তেখেতৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন হয় ৷

পূৰ্বৱৰ্তী লেখা
নাৰায়ণপুৰৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈলৈ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’
পৰৱৰ্তী লেখা